নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৬ বছৰৰ অন্তত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ মুকলি 

বিশেষ বাৰ্তা, ১৪ জুলাই : ওড়িশাৰ পুৰীত অৱস্থিত পবিত্ৰ শ্ৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ আজি মুকলি কৰা হ’ব । ৰত্ন ভাণ্ডাৰ নিৰীক্ষণ সমিতিৰ অধ্য়ক্ষ ন্য়ায়মূৰ্তি বিশ্বনাথ ৰথে জনাইছে যে আজি দিনৰ ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত ৰত্ন ভাণ্ডাৰ মুকলি কৰাৰ কথা । মন্দিৰৰ ৰত্ন ভাণ্ডাৰ অন্তিমবাৰ ৪৬ বছৰ আগতে অৰ্থাত ১৯৭৮ চনত মুকলি কৰা হৈছিল । জানিব পৰা মতে, সেই সময়ত ৰত্ন ভাণ্ডাৰত থকা গহনা গণনা কৰিবলৈ প্ৰায় ৭২ দিন সময় লাগিছিল । ওড়িশাৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে উল্লেখ কৰিছে যে ৰত্ন ভাণ্ডাৰ মেৰামতি আৰু গহনা গণনাৰ সৈতে জড়িত কাম স্বচ্ছ আৰু নিকাভাৱে চলাই নিয়াৰ বাবে বিভিন্ন সমিতি গঠন কৰা হৈছে । প্ৰযুক্তিৰ সহায়ত এইবাৰ কম সময়তে ৰত্ন ভাণ্ডাৰৰ গহনা গণনা কৰিব পৰা যাব বুলি আশা কৰা হৈছে ।

You might also like