ক’ভিডৰ পিছতো মহামাৰীৰ বাবে সাজু থাকিব লাগিব বিশ্ব
নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে ক’ৰোনা ভাইৰাছ মহামাৰীক বিজ্ঞান তথা সর্বাত্মক প্রামাণিক ব্যৱস্থাৰে পৰাভূত কৰিব পৰা যাব পাৰে৷ কিন্তু সমগ্র বিশ্বই পৰৱর্তী মহামাৰী বা অতিমাৰীৰ বাবে নিজকে সাজু কৰি ৰাখিব লাগিব৷ ৰাষ্ট্রসংঘৰ এই শীর্ষ স্বাস্থ্য সংস্থাটোৱে এই কথাও উল্লেখ কৰিছে যে বিশ্বৰ প্রতিখন দেশে স্বাস্থ্য সেৱাৰ বিষয়টোত অধিক গুৰুত্ব প্রদান কৰিব লাগিব৷ ক’ভিড–১৯ মহামাৰীৰ পৰা মুক্ত হোৱাৰ পিছতো পৰৱর্তী অতিমাৰীৰ মোকাবিলা কৰিবলৈ সষ্টম হৈ থাকিব লাগিব বুলি ঘোষণা কৰিছে সংস্থাটোৱে৷ ভৱিষ্যতে ক’ভিড–১৯সদৃশ সংকটকালত বিশ্ব স্বাস্থ্য পৰিষদ (ডব্লিউএইচএ)ৰ তৰফৰ পৰা সতর্কতা ব্যৱস্থা গ্রহণ কৰিবলৈ এক খচৰা প্রস্তাৱ যুগুতাই থকা বুলিও ‘হু’ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে৷