নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ নৱেম্বৰৰ পিছতহে জামিন লাভ কৰিব পাৰে লালুৱে

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱৰ পশু খাদ্য কেলেংকাৰিৰ গোচৰৰ জামিন আবেদনৰ শুনানি আগন্তুক ২৭ নৱেম্বৰলৈ পিছুৱাই দিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে৷ তদন্তকাৰী সংস্থা চিবিআয়ে ন্যায়ালয়ত এই আবেদনৰ বিৰুদ্ধে যুক্তি দর্শোৱা নাই৷ গতিকে শুনানিৰ দিন পিছুৱাই দিছে ন্যায়ালয়ে৷ স্মর্তব্য যে পশু খাদ্য কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হৈ চাৰি বছৰৰ কাৰাবাস খাটি আছে লালুপ্রসাদ যাদৱে৷ আজি ন্যায়ালয়ে জামিন আবেদনৰ শুনানিৰ দিন পিছুৱাই দিয়াৰ লগে লগে বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা পূর্বে নেতাগৰাকীয়ে মুক্তি লাভ কৰাৰ আশাৰ অন্ত পৰিল৷ অর্থাৎ লালুপ্রসাদ যাদৱে মুক্তি লাভ কৰিলেও নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতহে সেয়া সম্ভৱ হৈ উঠিব৷ আগন্তুক ৭ নৱেম্বৰত বিহাৰৰ অন্তিম পর্যায়ৰ বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ লগতে ফলাফল ঘোষণা হ’ব ১০ নৱেম্বৰত৷

You might also like