ফেব্রুৱাৰীৰ পাছতহে হ’ব চিবিএছইৰ দশম দ্বাদশ শ্রেণীৰ ব’ৰ্ডৰ পৰীক্ষা
কেন্দ্রীয় শিক্ষামন্ত্রী পোখৰিয়েলৰ ঘোষণা
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’ড (চিবিএছই)ৰ চূড়ান্ত পৰীক্ষা লিখিত পদ্ধতিতে অনুষ্ঠিত হ’ব৷ অনলাইন ব্যৱস্থাৰে এই পৰীক্ষা সম্পন্ন কৰা নহ’ব বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়েলে আজি স্পষ্ট কৰি দিছে৷ অৱশ্যে জানুৱাৰী বা ফেব্রুৱাৰী মাহত এই ব’ড পৰীক্ষা অনুষ্ঠিত নকৰে কেন্দ্রীয় চৰকাৰে৷ পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো সন্দর্ভত পৰৱর্তী সময়ত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি আজি শিক্ষকসকলৰ সৈতে হোৱা ভার্চুৱেল মত বিনিময়ত কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়েলে উল্লেখ কৰিছে৷ অনলাইন ব্যৱস্থাৰে ব’ড পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিছে শিক্ষামন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ বাবে চলিত বর্ষৰ মার্চ মাহৰ পৰা দেশৰ শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ আছিল৷ যোৱা ১৫ অক্টোবৰৰ পৰা কেইখনমান প্রদেশত আংশিকভাৱে বিদ্যালয়বোৰ পুনৰ মুকলি কৰা হৈছে যদিও পূর্ণ পর্যায়ৰ পাঠদান আজিলৈকে সম্ভৱ হোৱা নাই৷ গতিকে চিবিএছইৰ পৰীক্ষা এইবাৰ অনুষ্ঠিত কৰা হ’ব নে নাই, তাক লৈ সৃষ্টি হৈছিল বিভিন্ন মহলত সন্দেহ৷ কিন্তু কেন্দ্রীয় শিক্ষামন্ত্রী পোখৰিয়েলে স্পষ্ট কৰি দিছে যে ব’ড পৰীক্ষা পূর্বৰ দৰে লিখিত পদ্ধতিতেই অনুষ্ঠিত হ’ব৷ যোৱা বছৰ মার্চ মাহৰ মাজভাগতে ব’ড পৰীক্ষা পিছুৱাই দিয়া হৈছিল৷ পৰৱর্তী সময়ত এই পৰীক্ষা বাতিল কৰি অন্য এক পদ্ধতিত ঘোষণা কৰা হৈছিল ফলাফল৷ স্মর্তব্য যে কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়েলে যোৱা ১০ ডিচেম্বৰত দেশৰ শিক্ষার্থীসকলৰ বিভিন্ন প্রশ্ণৰ উত্তৰ দি আগন্তুক ব’ড পৰীক্ষা চৰকাৰে অনুষ্ঠিত কৰিব বুলি আশ্বস্ত কৰিছিল৷