নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদ ট্রেজেডী : ডিএনএৰ জৰিয়তে ১১৪ মৃতদেহ চিনাক্ত

🔹 পৰিয়ালক গতালে প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিসহ ৪৭জনৰ মৃতদেহ

নিউজ ডেস্ক, ১৭ জুন : ভাৰতৰ বিমান ইতিহাসত বৃহত্তম শোকাৱহ ঘটনা হিচাপে বিবেচিত আহমেদাবাদ বিমান দুর্ঘটনাত নিহতৰ মৃতদেহ চিনাক্তকৰণ প্রক্রিয়া অব্যাহত আছে৷ ২৪২ যাত্রী কঢ়িওৱা এয়াৰ ইণ্ডিয়াৰ বিমানখন আহমেদাবাদ চর্দাৰ বল্লভ ভাই পেটেল আন্তর্জাতিক বিমানবন্দৰৰ পৰা উৰণৰ কেইছেকেণ্ডমান পাছতে বিমানবন্দৰৰ সমীপত মেঘানি নগৰ অঞ্চলত দুর্ঘটনাত পতিত হয়৷

বি জে মেডিকেল কলেজৰ হোষ্টেলত প্রচণ্ড জোৰে খুন্দা মৰাৰ পাছত বিমানখন বিস্ফোৰিত হয়। ফলত বিমানখনৰ ২৪১জন যাত্রীৰ মৃত্যু ঘটে৷ এজন যাত্রীৰ দৈৱক্রমে জীৱন ৰক্ষা পৰে৷ ১.২৫ লাখ লিটাৰ ইন্ধন থকা বিমানখন দুর্ঘটনাত পতিত হোৱাৰ লগে লগে বিস্ফোৰিত হোৱাত বিমানখনৰ যাত্রীৰ মৃতদেহবোৰ অগ্ণিদগ্ধ হয়৷ পৰিণতিত মৃতদেহ চিনাক্তকৰণত জটিলতা আহি পৰে৷ ডিএনএৰ জৰিয়তে এই মৃতদেহবোৰ চিনাক্তকৰণ প্রক্রিয়া চলি আছে৷ আহমেদাবাদ অসামৰিক চিকিৎসালয় হাস্পতালত মৃতদেহ চিনাক্তকৰণ ডিএনএৰ জৰিয়তে চলি আছে৷ এতিয়ালৈকে ১১৪টা মৃতদেহৰ ডিএনএ পৰিয়ালৰ সৈতে মিলিছে৷ ৭০–৮০জনীয়া চিকিৎসকৰ দলে এই ডিএনএ পৰীক্ষাত জড়িত হৈ আছে৷ ১১৪টা মৃতদেহ চিনাক্ত হ’লেও কর্তৃপক্ষই এতিয়ালৈ মাত্র ৪৭জনৰ মৃতদেহহে পৰিয়ালক গতাই দিছে৷ গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিৰ মৃতদেহো পৰিয়ালৰ হাতত গতাই দিয়া হৈছে৷

স্মর্তব্য যে জুইত দগ্ধ হোৱা মৃতদেহবোৰ চিনাক্তকৰণত ইমানেই জটিলতা আহিছে যে ডিএনএৰ জৰিয়তেও চিনাক্তকৰণত কঠিন হৈ পৰিছে৷ এবাৰতে ডিএনএ পৰীক্ষাৰ দ্বাৰা এই মৃতদেহবোৰ চিনাক্তকৰণক লৈ জটিলতা অহাত কেইবাবাৰো পৰীক্ষা কৰিবলগীয়া হৈছে৷ ফলত মৃতদেহ চিনাক্তকৰণ প্রক্রিয়া বিলম্ব হোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে বিমানৰ যাত্রীৰ মৃতদেহ ডিএনএৰ জৰিয়তে চিনাক্তকৰণৰ বাবে চৰকাৰে জনোৱা আহ্বানৰ প্রতি লক্ষ্য ৰাখি আহমেদাবাদৰ চিকিৎসালয়ত পৰিয়ালৰ ৪০০জন ব্যক্তি উপস্থিত হৈছে৷ পর্যায়ক্রমে এই ব্যক্তিসকলৰ ডিএনএ পৰীক্ষাৰে মৃতদেহ চিনাক্তকৰণ চলি আছে৷ আনহাতে, বিমানখনত থকা বিদেশী যাত্রীৰ মৃতদেহ চিনাক্তকৰণৰ বাবে আহমেদাবাদ, মুম্বাই, দিল্লী আৰু লণ্ডনৰ গেটৱিক বিমানবন্দৰত সহায়ক কেন্দ্র স্থাপন কৰা হৈছে৷

You might also like