নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ব্যস্ততাপূর্ণ ৬০টা ৰে’ল ষ্টেচনত ব্যৱহাৰ হ’ব এআই প্রযুক্তি

🔹 নতুন দিল্লীৰ পদপিষ্ট ঘটনাৰ পিছতে তৎপৰ কেন্দ্রীয় চৰকাৰ

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : দেশৰ ৰাজধানী দিল্লীৰ ৰে’ল ষ্টেচনত অত্যধিক ভিৰৰ চাপত পদপিষ্ট হৈ ১৮গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত বিভিন্ন মহলৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্রৰ মোদী চৰকাৰ৷ শনিবাৰে নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত মহাকুম্ভ অভিমুখে যাত্রা কৰা বাবে হাজিৰ হৈছিল হাজাৰ হাজাৰ যাত্রী৷ কিন্তু অত্যধিক ভিৰৰ বাবে পদপিষ্ট হৈ প্রাণ হেৰুৱায় ১৮গৰাকী লোকে৷ এই ঘটনাত অন্য কেইবাগৰাকীও লোক আহত হৈছে৷ এই ঘটনাৰ পিছতে দেশৰ অতি ব্যস্ততাপূর্ণ ৬০টা ৰে’ল ষ্টেচনত ‘হ’ল্ডিং জ’ন’ বা অতিৰিক্ত স্থান ৰখাৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে৷ সূত্রই সদৰী কৰা অনুসৰি ভিৰ নিয়ন্ত্রণ আৰু জৰুৰী ব্যৱস্থাপনাৰ বাবে কৃত্রিম মেধা (এআই) প্রযুক্তি ব্যৱহাৰৰো পৰিকল্পনা কৰিছে ৰে’ল বিভাগে৷ অর্থাৎ এআই প্রযুক্তিৰ নজৰত থাকিব এতিয়া ব্যস্ততাপূর্ণ ৰে’ল ষ্টেচনসমূহৰ যাত্রীৰ সমাগম৷ সংকটজনক পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব লাগে, এই সন্দর্ভত প্রশিক্ষণ দিয়া হ’ব ৬০টা ৰে’ল ষ্টেচনৰ বিষয়ববীয়াসকলক৷ বিশৃংখল পৰিস্থিতি এৰাই চলি যাত্রীসকলক এক নির্দিষ্ট পথেৰে হ’ল্ডিং জ’ন বা অতিৰিক্ত স্থায়ী স্থানলৈ লৈ যোৱা হ’ব৷ তাতেই ৰে’লৰ বাবে অপেক্ষা কৰিব যাত্রীসকলে৷ কাৰচিহ্ণ আৰু ডিভাইডাৰৰ জৰিয়তে প্রস্তুত কৰা হ’ব পথ৷

You might also like