নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিৰুদ্ধে বিমান আক্রমণৰ বাবে সাজু

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ এতিয়াও সময় নিকট পোৱা নাই যদিও চীনৰ বিৰুদ্ধে বিমান আক্রমণ কৰিবলৈ ভাৰতীয় বায়ু সেনাবাহিনী সাজু হৈ আছে৷ এই মন্তব্য বায়ুসেনাৰ মুৰব্বী মার্শ্বাল আৰ কে এছ ভাডাউৰিয়াৰ৷

চীনৰ সৈতে লাডাখ সীমান্তত উত্তেজনা চলি থকাৰ সময়ত ভাৰতে প্রথমে বিমান আক্রমণ সংঘটিত কৰাৰ লক্ষ্য নাই যদিও প্রয়োজনত বিমান আক্রমণ কৰাৰ বাবে সম্পূর্ণ সাজু হৈ আছে বুলি উল্লেখ কৰি বায়ুসেনাৰ মুৰব্বী ভাডাউৰিয়াই চীন আৰু পাকিস্তানক সকীয়নি দিয়ে৷ তদুপৰি বায়ুসেনাৰ মুৰব্বী ভাডাউৰিয়াই দুখন মুখামুখি যুদ্ধত অৱতীর্ণ হ’বলৈ দেশৰ সেনা সাজু হৈ আছে বুলি কয়৷

চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে বায়ুসেনাত অত্যাধুনিক ৰাফেল যুদ্ধবিমান অন্তর্ভুক্ত হোৱাৰ পিছত দেশৰ সেনা প্রতিদ্বন্দ্বী ৰাষ্ট্রতকৈ আগবাঢ়ি আছে৷ বায়ুসেনাই প্রথমে আৰু গভীৰ স্থানত আক্রমণ কৰাৰ সক্ষমতা লাভ কৰিছে বুলিও কয় মুৰব্বীগৰাকীয়ে৷

উল্লেখ্য যে পাকিস্তান আৰু চীনে যুটীয়াভাৱে প্রসাৰিত অনুশীলন চলাই আছে৷ চীনৰ ওপৰত বিভিন্ন ক্ষেত্রত পাকিস্তান নির্ভৰশীল হৈ আছে বুলি কয় মুৰব্বীগৰাকীয়ে৷ গুৰুত্বপূর্ণ যে যুদ্ধ হ’লে ভাৰততকৈ চীন অধিক ভাল স্থানত থকাৰ কোনো প্রশ্ণ নাই বুলিও কয় মুৰব্বীগৰাকীয়ে৷ লাডাখ অঞ্চলত ভাৰতীয় সেনাৰ সকলো সমৰসজ্জা সাজু হৈ থকা বুলি উল্লেখ কৰি মুৰব্বীগৰাকীয়ে পুনৰ কয় যে চুবুৰীয়া দুয়োখন ৰাষ্ট্রৰ বিৰুদ্ধে একেলগে, একে সময়তে যুদ্ধৰ বাবে ভাৰত সঠিক স্থানত আছে৷ আনপিনে পৰৱর্তী ৫ বছৰৰ ভিতৰত ৮৩ এল চি এ তেজছ মার্ক–১এ সেনা বাহিনীত অন্তর্ভুক্ত কৰা আৰম্ভ কৰিব বুলিও কয় মুৰব্বীগৰাকীয়ে৷

You might also like