নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: এয়াৰ ইণ্ডিয়াৰ বিমানত যোৱা নৱেম্বৰ মাহত সুৰামত্ত হৈ বয়োজ্যেষ্ঠ মহিলাৰ গাত প্রস্রাৱ কৰা মুম্বাইৰ শংকৰ মিশ্র নামৰ ব্যক্তিজনক যোৱানিশা দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ২৬ নৱেম্বৰত নিউয়র্কৰ পৰা নতুন দিল্লীগামী এয়াৰ ইণ্ডিয়াৰ বিমানত শংকৰ মিশ্রই বয়োজ্যেষ্ঠ মহিলাৰ গাত প্রস্রাৱ কৰাক লৈ তীব্র বিতর্কৰ সৃষ্টি হোৱাৰ পিছত মিশ্রৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰা হৈছে৷ পলাতক অৱস্থাত থকা মিশ্রক দিল্লী আৰক্ষীয়ে বাংগালুৰুত গ্রেপ্তাৰ কৰি নতুন দিল্লীলৈ লৈ আহিছে৷