কল্পনা চাওলাৰ নামেৰে নিৰ্মাণ মহাকাশ যান… নাছাই কৰিলে সদৰী
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ আমেৰিকাৰ এৰোস্পেচ কোম্পানী নৰ্থৰোপ গ্ৰুমান কৰ্পোৰেচনে নতুনকৈ মুকলি কৰিব লগা চিগনছ স্পেচক্ৰাফ্টৰ নামকৰণ কৰিছে মহাকাশচাৰী কল্পনা চাওলাৰ নামেৰে। মহাকাশ সংস্থা নাছাই সদৰী কৰে এই কথা।
Today, Northrop Grumman Corporation named next Cygnus spacecraft launching to International Space Station in honour of astronaut Kalpana Chawla, the first woman of Indian descent to go to space. The liftoff is targeted for Sept 29 from NASA’s Wallops Flight Facility in US: NASA pic.twitter.com/fvbYcygbyc
— ANI (@ANI) September 8, 2020
ভাৰতীয় মূলৰ প্ৰথম মহাকাশচাৰী কল্পনা চাওলাৰ প্ৰতি সন্মান জনায়ে এই নাম ৰখাৰ কথা ঘোষণা কৰা হৈছে। ইণ্টাৰনেচনেল স্পেচ চেণ্টাৰলৈ পঠিয়াব লগা মহাকাশ যানখন হ’ব কাৰ্গো এয়াৰক্ৰাফট।
উল্লেখ্য ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত কলম্বিয়া নামৰ মহাকাশ যানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত কল্পনা চাওলাৰ মৃত্যু হৈছিল। ১৯৮৮ চনত নাছাত নিযুক্ত হোৱা মহাকাশচাৰীগৰাকীয়ে ১৯৯৫ চনত জীৱনৰ প্ৰথমটো মহাকাশ যাত্ৰাৰ সূচনা কৰিছিল।