আইছাৰ বিৰুদ্ধে ৰাষ্ট্রদোহৰ গোচৰত লাক্ষাদ্বীপ বিজেপিত কঁপনি
নিয়মীয়া বাৰ্তা ১৪ জুনঃ লাক্ষাদ্বীপৰ চলচ্চিত্র পৰিচালিকা আইছা চুলতানাৰ বিৰুদ্ধে এক ৰাষ্ট্রদোহৰ গোচৰ ৰুজু হোৱাৰ পাছতেই বিজেপিৰ দুর্গত খহনীয়া আৰম্ভ হৈছে৷ স্থানীয় প্রশাসক প্রফুল খোদা পেটেলে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা নাই বুলি সমালোচনা কৰাৰ পাছতেই আইছাৰ বিৰুদ্ধে ৰাষ্ট্রদোহৰ গোচৰ ৰুজু হৈছে৷ আইছাৰ বিৰুদ্ধে এই গোচৰ ৰুজু হোৱাৰ লগে লগে ১৫গৰাকী বিজেপি নেতা তথা কর্মীয়ে এই ঘটনাৰ প্রতিবাদ জনাই পদত্যাগ কৰিছে৷ উল্লেখনীয় যে কেন্দ্রীয়শাসিত অঞ্চলটোৰ বিজেপি মুৰব্বীৰ হাতত ইতিমধ্যে এই নেতা তথা কর্মীসকলে পদত্যাগ–পত্র দাখিল কৰিছে৷ বিজেপিৰ লাক্ষাদ্বীপৰ মুৰব্বী চি আব্দুল খাদেৰে উল্লেখ কৰিছে যে প্রশাসক পেটেলে শেহতীয়াকৈ জনবিৰোধী নীতি গ্রহণ কৰিছে৷