নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০ আলোকবর্ষ দূৰত আৱিষ্কাৰ নতুন গ্রহ

নতুন গ্রহত থাকিব পাৰে জলীয় বাষ্পযুক্ত মেঘঃ আশাবাদী নাছা

নিয়মীয়া বাৰ্তা ১৪ জুনঃ পৃথিৱীৰ পৰা ৯০ আলোকবর্ষ দূৰত আৱিষ্কাৰ হৈছে এটা গ্রহ৷ এই গ্রহত দলীয় বাষ্পযুক্ত মেঘ থাকিব পাৰে বুলি ধাৰণা কৰিছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই৷ নাছাৰ দ্বাৰা আৱিষৃকত এই নতুন গ্রহটোৰ আকাৰ পৃথিৱীতকৈ তিনিগুণ বেছি৷ নতুন গ্রহটোৰ নাম ৰখা হৈছে টি অ’ আই–১২৩১–বি৷ অতি উজ্জ্বল এক ৰক্তাভ নক্ষত্র প্রদক্ষিণ কৰি আছে এই গ্রহটো৷ কিন্তু গ্রহটো সূর্যতকৈ যথেষ্ট সৰু৷ অৱশ্যে নক্ষত্রটো সূর্যৰ সমানেই পুৰণি৷ গ্রহটোৱে ২৪ দিনত নক্ষত্রক এবাৰ প্রদক্ষিণ কৰে৷ অর্থাৎ মাত্র ২৪ দিনেই গ্রহটোৰ বাবে এবছৰ৷

নাছাৰ জ্যোতির্বিজ্ঞানীৰ ধাৰণা অনুসৰি নক্ষত্রটোৰ একেবাৰেই ওচৰতেই আছে এই গ্রহটো৷ সেই হিচাপত গ্রহটো অতি উত্তপ্ত হ’ব লাগে৷ কিন্তু নাছাৰ বিজ্ঞানীৰ মতে গ্রহটোৰ উত্তাপ যথেষ্ট কম৷ নক্ষত্রৰ ক্ষুদ্র আকৃতিৰ বাবেই গ্রহটোৰ উত্তাপ কম বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ একাংশ বিজ্ঞানীৰ মতে গ্রহটোত প্রচণ্ড শীত চলি থাকিব পাৰে৷ আমাৰ সৌৰজগতত নেপচুন গ্রহৰ সৈতে দূৰৱর্তী এই গ্রহটোৰ বিশেষ সাদৃশ্য আছে৷ আমেৰিকান মহাকাশ গৱেষণা সংস্থাটোৰ কেইবাগৰাকীও বিজ্ঞানীয়ে দাবী কৰিছে যে এনে গ্রহতেই থাকিব পাৰে জলীয় বাষ্পযুক্ত মেঘ৷ নাছাৰ জেট প্র’পালচন পৰীক্ষাগাৰত বহির্জগতৰ গৱেষণাৰ দায়িত্বত থকা ড০ জেনিফাৰ বার্টৰ নেতৃত্বত চলা গৱেষণাত এই গ্রহটো আৱিষ্কাৰ হৈছে৷ এইক্ষেত্রত বার্টক সহায় কৰিছে নিউ মেক্সিকো বিশ্ববিদ্যালয়ৰ গৱেষক ডিয়ানা ড্রাগ’মিয়ে৷

লক্ষণীয়ভাৱে জলীয় বাষ্পযুক্ত মেঘ যদি গ্রহটোত থাকিব পাৰে, তেন্তে তাত জীৱৰ অস্তিত্ব থকাৰ সম্ভাৱনাও আছে৷ সেই বাবেই নাছাৰ বিজ্ঞানীসকলৰ মাজত এই নতুন গ্রহটোৰ আৱিষ্কাৰে সৃষ্টি কৰিছে কৌতূহল৷ অৱশ্যে মহাকাশ গৱেষণা সংস্থাটোৱে গ্রহটো সন্দর্ভত গৱেষণা এতিয়াও প্রাথমিক পর্যায়ত থকা বুলি উল্লেখ কৰিছে৷ স্মর্তব্য যে এতিয়ালৈকে সৌৰজগতৰ বাহিৰত বহু গ্রহ আৱিষ্কাৰ কৰিছে নাছাৰ বিজ্ঞানীয়ে৷ কিন্তু আজিলৈকে এই গ্রহবোৰত জলীয় বাষ্পযুক্ত মেঘ থকাৰ সম্ভাৱনা ব্যক্ত কৰা নাই বিজ্ঞানীসকলে৷ গতিকে শেহতীয়া আৱিষ্কাৰে অকল নাছা বুলিয়েই নহয়, বিশ্বৰ জ্যোতির্বিজ্ঞানীসকলক্ উৎসুক কৰি তুলিছে৷ গ্রহটো সন্দর্ভত নাছাই পৰীক্ষা–নিৰীক্ষা অধিক ক্ষিপ্রতৰ কৰিব বুলি ড০ বার্টে ঘোষণা কৰাৰ পাছতেই মহাবিশ্বত নাছাৰ গৱেষণাৰ কাম অধিক সম্প্রসাৰিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ অৱশ্যে মহাকাশ গৱেষণা সংস্থাটোৱে এইক্ষেত্রত কোনোধৰণৰ আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা নাই৷

You might also like