নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ আগ্রাসন

জম্মু–কাশ্মীৰৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্রদেশলৈ বিস্তৃত হৈ থকা ৩,৪৮৮ কিলোমিটাৰ দৈর্ঘ্যৰ সীমান্তত আগ্রাসী মনোভাব অব্যাহত ৰাখিছে চীনে৷ চুবুৰীয়া ৰাষ্ট্রখনে বাৰম্বাৰ ভাৰতৰ মাটি নিজৰ দখললৈ নিয়াৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ চক্রান্ত কৰি আহিছে৷ ইয়াৰ ফলত বিগত সময়ছোৱাত দুয়োখন ৰাষ্ট্রৰ মাজত বহুবাৰ উদ্ভৱ হৈছে সংঘাতপূর্ণ পৰিস্থিতি৷ যোৱা বছৰ লাডাখৰ গালোৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘাতৰ পাছত দুয়োপক্ষৰ মাজত সামৰিক পর্যায়ত ইতিমধ্যে দহখনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈ গৈছে৷ এই বৈঠকত চীনৰ পিপল্ছ লিবাৰেচন আর্মীয়ে সীমান্তত সুস্থিৰতা বর্তাই ৰখাৰ প্রতিশ্রুতি প্রদান কৰিলেও বাস্তৱত বেইজিঙে তেনেধৰণৰ মনোভাব দেখুওৱা পৰিলক্ষিত হোৱা নাই৷ বৰং কৌশলগত অৱস্থানেৰে সীমান্তত সেনা মোতায়েন, বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নির্মাণ আদিৰে কার্যতঃ যুদ্ধংদেহি স্থিতিহে গ্রহণ কৰা দেখা গৈছে৷ পূব লাডাখত পেংগং হ্রদৰ হট স্প্রিং এলেকাত অতি শেহতীয়াকৈ চীনে পুনৰ সেনা সঞ্চালন আৰম্ভ কৰিছে৷ যাক লৈ ইতিমধ্যে উদ্বিগ্ণতা ব্যক্ত কৰিছে কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে৷ জম্মু–কাশ্মীৰৰ এল এ চিত এনে তৎপৰতাৰ সমান্তৰালভাৱে বেইজিং প্রশাসনে অৰুণাচল প্রদেশ দক্ষিণ তিব্বতৰ অন্তর্ভুক্ত বুলি বাৰম্বাৰ দাবী কৰি আহিছে৷ আনকি ১৯৬২ চনত চীন–ভাৰতৰ যুদ্ধৰ সময়ত ড্রেগন বাহিনীয়ে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যখনৰ এক বৃহৎ এলেকা নিজৰ দখললৈ নিছিল৷ পৰৱর্তী সময়ত সেই দখল প্রত্যাহাৰ কৰে যদিও দীর্ঘ প্রায় ৬০ বছৰ পাছতো অৰুণাচল প্রদেশক কেন্দ্র কৰি চীন–ভাৰতৰ বিবাদ মীমাংসা নহ’ল৷ যাৰ পৰিণতিত অৰুণাচল প্রদেশ সংলগ্ণ ভাৰতৰ সীমান্তৰ প্রতি চুবুৰীয়া ৰাষ্ট্রখন সদায়েই ভাবুকিৰ কাৰক হৈ আহিছে৷ যদিহে ১৯৬২ চনৰ যুদ্ধৰ সময়তে বা তাৰ পাছৰ পর্যায়ত এই বিবাদৰ এটা সু–মীমাংসা হ’লহেঁতেন, তেন্তে অৰুণাচল প্রদেশ সীমান্তক লৈ আজি ভাৰত চৰকাৰ উদ্বিগ্ণ হ’ব নালাগিলহেঁতেন৷ গালোৱান উপত্যকাৰ পাছত এতিয়া সম্ভাব্য সংঘর্ষৰ কেন্দ্রবিন্দু হোৱাৰ দিশে গতি কৰিছে অৰুণাচল প্রদেশ সীমান্ত৷ ইয়াৰ মূলতে ড্রেগন বাহিনীয়ে সীমান্তৰ পৰা মাত্র কেইকিলোমিটাৰমান দূৰত্বত গ্রহণ কৰা সামৰিক কৌশলগত অৱস্থান৷ যাৰ প্রতি লক্ষ্য ৰাখি অলপতে উত্তৰ–পূর্বাঞ্চল ভ্রমণ কৰা সেনাপ্রধান জেনেৰেল মনোজ মুকুন্দ নাৰৱাণে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ ভাৰতীয় সেনাক সতর্ক কৰি দিছে৷
অৰুণাচল প্রদেশ সীমান্তত চীনৰ সামৰিক কৌশলগত অৱস্থানৰ অন্যতম প্রধান গুৰুত্বপূর্ণ দিশটো হ’ল অত্যাধুনিক ৰে’লপথ, ঘাইপথকে ধৰি বিভিন্ন আন্তঃগাঁথনি নির্মাণ৷ ভাৰত সীমান্তৰ সমীপতে চীনে চলোৱা এনে নির্মাণকার্যৰ উদ্দেশ্যক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ প্রশ্ণ উত্থাপন হৈছে৷ আনকি বেইজিঙৰ এই তৎপৰতাৰ পৰিণতিত ভাৰতে এক বিৰাট প্রত্যাহ্বানৰ মুখামুখি হ’ব পাৰে বুলিও বিভিন্ন মহলে আশংকা প্রকাশ কৰিছে৷ তিব্বতৰ ৰাজধানী লাছাৰ পৰা ভাৰত সীমান্তৰ মাত্র ১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচিলৈ চীনে নির্মাণ কৰিছে ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ দ্রুতবেগী ৰে’ল চলাচল কৰিব পৰা এটা বৃহৎ প্রকল্প৷ সীমান্তৱর্তী নিংচি হ’ল দক্ষিণ–পূব তিব্বতত চীনৰ পুৰণি সামৰিক ঘাটি৷ য’ত আছে পিপল্ছ লিবাৰেচন আর্মীৰ ৫২নং আৰু ৫৩নং মাউণ্টেইন ইনফেণ্ড্রী ব্রিগেডৰ মুখ্য কার্যালয়৷ ৫.৭ বিলিয়ন মার্কিন ডলাৰ ব্যয় সাপেক্ষে নির্মাণ কৰা এই ৰে’লপথটোৰে অহা ৩০ জুনত ৰে’ল চলাচল আৰম্ভ কৰাৰ পৰিকল্পনা লোৱাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পাইছে৷ যিটো প্রকৃতার্থ ভাৰতৰ বাবে আন এক উদ্বেগজনক খবৰ৷ ৰে’লপথৰ উপৰি চীনে নিংচিৰ পাড় টাউনশ্বিপ–মেডক কাউণ্টীৰ বাইবুং সংযোগী সামৰিকভাৱে কৌশলগত এটা ঘাইপথৰো নির্মাণ সম্পূর্ণ কৰি তুলিছে৷ উক্ত ৰে’লপথ আৰু ঘাইপথেৰে অৰুণাচল সীমান্তলৈ এতিয়া ড্রেগন বাহিনীৰ সৈন্য সমাৱেশ আৰু মাৰণাস্ত্র–সৰঞ্জাম আদিৰ সৰবৰাহ সহজসাধ্য হৈ পৰিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল চীনে তিব্বতত ব্রহ্মপুত্রক ভেটি এটা বৃহৎ নদীবান্ধ নির্মাণৰ বাবে লোৱা পৰিকল্পনাৰ কথা ইতিমধ্যে ৰাজহুৱা হৈছে৷ এই বৃহৎ নদীবান্ধটো নির্মাণৰ ক্ষেত্রতো ঘাইপথটোৱে গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি মত ব্যক্ত কৰিছে বিশেষজ্ঞ মহলে৷ এনে প্রেক্ষাপটতে চীনৰ সম্ভাব্য ভাবুকি প্রতিহত কৰিবলৈ ভাৰতে কূটনৈতিক বা দুয়ো পক্ষৰ সামৰিক পর্যায়ত শক্তিশালী স্থিতি গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে৷

You might also like