অজয় দেৱগন শৈলীৰ ষ্টাণ্ট প্ৰদৰ্শন কৰি ৰঙাঘৰত সোমাল যুৱক, জব্দ ২ খন দামী এছ ইউ ভি
বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ ছ’চিয়েল মিডিয়াৰ অনুৰাগীসকলৰ বাবে বিপদজ্জনক ষ্টাণ্ট প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ হৈছে উত্তৰ প্ৰদেশৰ নয়দাৰ এজন ২১ বছৰীয়া যুৱক। ৰঙা ঘৰত সোমাই পাঁচ মিনিটৰ খ্যাতিৰ মূল্য ভৰিবলগীয়া হ’ল যুৱকজনে। বৰকৈ শ্বেয়াৰ হোৱা ভিডিঅ’টোত ৰাজীৱ নামৰ যুৱকজনে ‘গোলমাল’ চিনেমাৰ দুখন এছ ইউ ভিৰ ওপৰত অজয় দেৱগনৰ বিখ্যাত এণ্ট্ৰি দৃশ্যটো অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। সেইটো আছিল ‘ফুল ঔৰ কাঁটে’ চিনেমাৰ এটা ষ্টাণ্টৰ অবিকল। ৰাজীৱে অসাৱধানতাৰে গাড়ী চলাই ব্যস্ত পথত ষ্টাণ্ট প্ৰদৰ্শন কৰি কেৱল নিজৰ নহয় আন আৰোহীৰ জীৱনকো বিপদত পেলোৱা দেখা গৈছে।
गाड़ियों व बाइक पर खतरनाक स्टंट करने वाले युवक को थाना सेक्टर-113 नोएडा पुलिस द्वारा गिरफ्तार कर स्टंट में प्रयुक्त वाहनों को सीज किया गया।#UPPolice pic.twitter.com/92yYu33O45
— POLICE COMMISSIONERATE GAUTAM BUDDH NAGAR (@noidapolice) May 22, 2022
আৰক্ষীয়ে জনোৱা মতে, লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভিডিঅ’টো নিৰ্মাণত ব্যৱহাৰ কৰা এছ ইউ ভি দুখন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। দুবছৰ পূৰ্বে মধ্যপ্ৰদেশৰ এজন আৰক্ষী উপ-পৰিদৰ্শকে ইউনিফৰ্ম পিন্ধা অৱস্থাত দুখন হোণ্ডা চিটি গাড়ীৰ ওপৰত অজয় দেৱগনৰ দৰে একেধৰণৰ ষ্টাণ্ট প্ৰদৰ্শন কৰিছিল। এই অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। পিছত আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে তেওঁক জৰিমনাও আৰোপ কৰা হয়।