প্রতি দেওবাৰে থানালৈ যাব নালাগে আল্লু অর্জুন
🔹 ‘পুষ্পা–২’ৰ অভিনেতালৈ সকাহ আদালতৰ
নিউজ ডেস্ক, ১২ জানুৱাৰী : ‘পুষ্পা–২’ৰ প্রিমিয়াৰ শ্ব’ত পদপিষ্টৰ ঘটনাত জামিনৰ ক্ষেত্রত সকাহ লাভ কৰিলে ছুপাৰষ্টাৰ আল্লু অর্জুনে৷ প্রতি দেওবাৰে চিক্কাড়পল্লী থানাত হাজিৰ হ’ব লাগিব বুলি তেলেংগানা উচ্চ ন্যায়ালয়ে চর্তসাপেক্ষ জামিন প্রদান কৰা আল্লু অর্জুনক কালি নামপল্লী আদালতে জামিনৰ চর্ত শিথিল কৰি সকাহ দিয়ে৷ আদালতে জামিন শিথিল কৰি অভিনেতা আল্লু অর্জুনক প্রতি দেওবাৰে চিক্কাড়পল্লী থানাত হাজিৰ হোৱাৰ পৰা সকাহ দিয়ে৷ এতিয়াৰে পৰা অভিনেতাজনে থানাত হাজিৰ নহ’লেও হ’ব৷ তদুপৰি, আল্লু অর্জুনে বিদেশ ভ্রমণো কৰিব পাৰিব৷ অৱশ্যে আন দেশলৈ গ’লে অভিনেতাজনে আৰক্ষীক অৱগত কৰিব লাগিব৷ উল্লেখনীয় যে হায়দৰাবাদত সন্ধ্যা থিয়েটাৰত পুষ্পা–২ৰ প্রিমিয়াৰ শ্ব’ৰ সময়ত অভিনেতাজনক চাবলৈ হেতা–ওপৰা লগোৱাত পদপিষ্ট হৈ ২৯ বছৰীয়া মহিলা এগৰাকীয়ে প্রাণ হেৰুৱাইছিল৷ এই ঘটনাত অভিনেতাজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি হৈ আছে৷