ৰাজনৈতিক কেৰিয়াৰ ডুবিলেও চীনক লৈ সঁচা কমঃ ৰাহুল গান্ধী
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ লাডাখত চীনৰ আগ্রাসনক লৈ সৰৱ হৈ থকা কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে পুনৰ ভিডঅ’’ বার্তাযোগে মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ভিডিঅ’ বার্তাটোত ৰাহুল গান্ধীয়ে কয়, ‘এগৰাকী ভাৰতীয় হিচাপে দেশ আৰু ইয়াৰ জনতাৰ মোৰ এক নম্বৰ প্রাধান্য৷ গতিকে এতিয়া এই কথা স্পষ্ট যে আমাৰ ভূমিখণ্ডত চীনে প্রৱেশ কৰিছে৷’ তদুপৰি মোদী চৰকাৰক সমালোচনা কৰি গান্ধীয়ে কয়, ‘মই কোনো চিন্তা নকৰোঁ৷ যদি মোৰ সমগ্র ৰাজনৈতিক কেৰিয়াৰ ডুবিও যায়৷ কিন্তু মই মিছা নকওঁ৷ ভাৰতীয় ভূমিখণ্ডৰ বিষয়ে কৈয়ে যাম৷’ ইপিনে গান্ধীৰ ভিডি’ বার্তাৰ পাছতে বিজেপিয়ে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ইতিমধ্যে ৰাহুল গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ প্রায় ধ্বংস হৈছে৷ আজিৰ ভিডি’টোৱে নেতাগৰাকীৰ ভৱিষ্যৎ যে নাই সেই কথা দেশবাসীয়ে জানিব পাৰিলে৷