নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃষ্টিপাতত ঘোঁৰাত উঠি খাদ্য যোগান ডেলিভাৰী বয়ৰ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ  মুষলধাৰ বৃষ্টি, ধুমুহা, বজ্রপাতেও কর্তব্যত বাধা দিব পৰা নাই এজন ডেলিভাৰী বয়ক৷ গাড়ী চলোৱাৰ উপায় নাই৷ কিন্তু গ্রাহকক খাদ্য যোগান ধৰিবলৈ তৎপৰ এই ডেলিভাৰী বয়৷ গতিকে ঘোঁৰাত উঠি গ্রাহকৰ ঘৰত খাদ্য যোগান ধৰিবলৈ যাত্রা কৰিছে মুম্বাইৰ এই ডেলিভাৰী বয়ে৷ লগে লগে এই ঘটনাৰ ভিডিঅ’ নেট মাধ্যমত ভাইৰেল হৈ পৰিছে৷ পিঠিত খাদ্য সামগ্রীৰ মোনা লৈ ঘোঁৰা এটাত উঠি গন্তব্যস্থানলৈ যাত্রা কৰিছে ডেলিভাৰী বয়ে৷ নেট মাধ্যমত এজনে লিখিছে– ‘ইয়াকে কয় প্রকৃত ডেলিভাৰী বয়৷’ আন এজনে লিখিছে যে কর্তব্যৰ এনে উদাহৰণ পাবলৈ টান৷ চলিত সপ্তাহটোত মুষলধাৰ বৃষ্টিপাত চলি আছে মুম্বাইত৷ আনকি দেশৰ ৰাজধানী দিল্লীত বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে৷ দেশৰ কেইবাখনো চহৰৰ লগতে মুম্বাইত প্রবল বৃষ্টিপাত চলি আছে৷ তাৰ মাজত সাধাৰণ নাগৰিকৰ দৈনন্দিন জীৱনযাত্রাও চলি আছে এনেদৰে৷

You might also like