নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ বর্ণিল প্রচাৰ

ট্রাম্পক সমালোচনা অ’বামাৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ  আগন্তুক ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ অন্তিম মুহূর্তৰ প্রচাৰ বর্ণিল হৈ পৰিছে৷ ডেম’ক্রেটিক প্রার্থী জ’ বিডেনৰ হৈ প্রচাৰত নামিছে প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা৷ আজি ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে মিছিগানত প্রচাৰ চলোৱাৰ বিপৰীতে ৰাষ্ট্রপতি ট্রাম্পে প্রচাৰ চলাইছে পেঞ্চিলভেনিয়াত৷ হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰাৰ ক্ষেত্রত এই প্রদেশ দুখনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে নির্বাচনী বিশেষজ্ঞসকলে৷ দেওবাৰে বিডেনৰ হৈ প্রচাৰ চলাই প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামাই উল্লেখ কৰিছে যে ট্রাম্প প্রশাসনে বিগত চাৰি বছৰত আমেৰিকাত কেৱল হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে৷ সমগ্র আমেৰিকাত বিক্ষোভ, প্রতিবাদ আৰু অসন্তুষ্টি চাৰিটা বছৰত তুংগত থাকিল বুলিও অ’বামাই মন্তব্য কৰিছে৷ ইফালে, ট্রাম্পে মন্তব্য কৰিছে যে ৰিপাব্লিকানৰ বিজয়ত দুদিন পিছতে ৰক্তাভ জোৱাৰ পৰিলক্ষিত হ’ব সমগ্র আমেৰিকাজুৰি৷ স্মর্তব্য যে সমীক্ষা অনুসৰি জ’ বিডেন ট্রাম্পতকৈ এই মুহূর্তত আগবাঢ়ি আছে নির্বাচনী যুঁজত৷

You might also like