নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ কোচবিহাৰত শনিবাৰে সংঘটিত নির্বাচনী হিংসাৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক দোষাৰোপ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ৰাজ্যখনৰ চতুর্থ পর্যায়ৰ ভোটদান চলি থকাৰ সময়ত সংঘটিত এই হিংসাত্মক ঘটনাৰ প্রতিক্রিয়া ব্যক্ত কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আজি কয় যে কেন্দ্রীয় সুৰক্ষা বাহিনীক আক্রমণ কৰিবলৈ জনসাধাৰণক মমতা বেনার্জীয়ে প্রৰোচিত কৰিছিল৷ শাসনৰ পৰা বিদায় নিশ্চিত হোৱাত শংকিত হৈ মমতাই এইধৰণৰ নিকৃষ্ট ৰাজনীতিত জড়িত হোৱা বুলি শ্বাহে অভিযোগ কৰে৷
উল্লেখ্য যে শনিবাৰে পশ্চিমবংগত অনুষ্ঠিত চতুর্থ পর্যায়ৰ ভোটদানৰ সময়ত কোচবিহাৰৰ এটা ভোটদান কেন্দ্রত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ এই ঘটনাত চাৰিগৰাকী ব্যক্তি নিহত হয়৷ তৃণমূল কংগ্রেছে অভিযোগ উত্থাপন কৰি সদৰী কৰিছে যে কেন্দ্রীয় সুৰক্ষা বাহিনীয়ে কোচবিহাৰৰ ভোটগ্রহণ কেন্দ্রটোত দুবাৰকৈ গুলীচালনা কৰিছিল, যাৰ ফলত চাৰিগৰাকী দলীয় কর্মী নিহত হয়৷ অৱশ্যে নির্বাচন আয়োগে কেন্দ্রীয় সুৰক্ষা বাহিনীক ক্লীনশ্বীট দি কৈছে যে তেওঁলোকে আত্মৰক্ষাৰ বাবেহে শূন্যলৈ গুলীচালনা কৰিছিল৷