নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ ৰানত জিকিল কলকাতা নাইট ৰাইডাছ; ছানৰাইজার্ছৰ পৰাজয়

নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ  প্রাক্তন চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে চলিত আইপিএলত চমকপ্রদ জয়েৰে অভিযান আৰম্ভ কৰিছে৷ চেন্নাইত আজি অনুষ্ঠিত এখন হাইস্ক’ৰিং মেচত ইয়ন মৰগান নেতৃত্বাধীন দলটোৱে ছানৰাইজার্ছ হায়দৰাবাদক ১০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৮৮ ৰানৰ লক্ষ্যৰ পিছ লৈ ছানৰাইজার্ছে নির্ধাৰিত ২০ অ’ভাৰত ৫ উইকেটৰ বিনিময়ত ১৭৭ ৰানত থমকি ৰয়৷ দলটোৰ হৈ মনীষ পাণ্ডেই অপৰাজিতভাৱে ৬১ আৰু জ’নী বেয়াৰষ্ট’ৱে ৫৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ মনীষে ৪৪ বলত দুটা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ বেয়াৰষ্ট’ৱে ৪০ বলত ৫টা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ কোবায়৷ অধিনায়ক ডেভিদ ৱার্নাৰ ৩ ৰানতে আউট হয়৷

ইয়াৰ পূর্বে ছানৰাইজার্ছ হায়দৰাবাদৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ নীতিশ ৰাণা আৰু ৰাহুল ত্রিপাঠীৰ দুর্দান্ত অর্ধশতকৰ সহায়ত কলকাতা নাইট ৰাইডার্ছে নির্ধাৰিত ২০ অ’ভাৰত ছটা উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্রহ কৰে৷ নীতিশ ৰাণা আৰু শুভমন গিলে ইনিংছ মুকলি কৰি নাইট ৰাইডার্ছক সুন্দৰ আৰম্ভণি দিয়ে৷ দুয়োৱে প্রথম উইকেটৰ যুটিত ৫৩ ৰান সংগ্রহ কৰাৰ সময়তে শুভমন গিল পেভিলিয়নমুখী হয়৷ গিলে ১৩ বলৰ সন্মুখীন হৈ এটা চাৰি আৰু এটা ছয়ৰে ১৫ ৰানৰ অৱদান আগবঢ়ায়৷ গিল আউট হোৱাৰ পিছত নীতিশ ৰাণাই ৰাহুল ত্রিপাঠীৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰি দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ দুয়োৰে মাজত দ্বিতীয় উইকেটৰ যুটিত ৯৩ ৰান সংগ্রহ হোৱাৰ সময়তে ৰাহুল ত্রিপাঠীয়ে ব্যক্তিগত ৫৩ ৰানত বিদায় লয়৷ ৰাহুলৰ ২৯টা বলৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু দুটা ছয়৷

ইফালে ৮০ ৰানৰ চমকপ্রদ ইনিংছ খেলি নীতিশ ৰাণাই কলকাতাক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ৰাণাৰ ৫৬টা বলৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু ৪টা ছয়৷ ইফালে, বিস্ফোৰক বেটছমেন আন্দ্রে ৰাছেলৰ লগতে অধিনায়ক ইয়ন মৰগান সম্পূর্ণৰূপে ব্যর্থ হয়৷ ৰাছেলে ৫টা বলৰ সন্মুখীন হৈ এটা চাৰিৰে ৫ ৰান আৰু মৰগানে ৩টা বলৰ সন্মুখীন হৈ ২ ৰান কৰি পেভিলিয়নমুখী হয়৷

আনহাতে, উইকেটকীপাৰ বেটছমেন দীনেশ কার্তিকে ৯টা বলত দুটা চাৰি আৰু এটা ছয়ৰে অপৰাজিতভাৱে ২২ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷ ছানৰাইজার্ছ হায়দৰাবাদৰ হৈ ৰছিদ খান আৰু মহম্মদ নবী উভয়ে ২টাকৈ উইকেট লাভ কৰাৰ লগতে ভুবনেশ্বৰ কুমাৰ আৰু নটৰাজন উভয়ে এটাকৈ উইকেট লাভ কৰে৷

You might also like