নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন সন্দর্ভত ৰাহুল গান্ধীক প্রত্যাহ্বান অমিত শ্বাহৰ

নিয়মীয়া বার্তা, ২৯ জুনঃ লাডাখত চীন–ভাৰতৰ সংঘাত সন্দর্ভত ৰাহুল গান্ধীয়ে কৰা ‘ছাৰেণ্ডাৰ মোদী’ শীর্ষক মন্তব্যই পাকিস্তান আৰু চীনক উৎসাহিত কৰিছে বুলি কংগ্রেছ নেতাগৰাকীক আক্রমণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে লাডাখ সন্দর্ভত নিকৃষ্ট ৰাজনীতি কৰি আছে বুলি সমালোচনা কৰে৷

তদুপৰি গৃহমন্ত্রীগৰাকীয়ে সংসদৰ মজিয়াত চীনক লৈ চৰকাৰে বিতর্কৰ বাবে সাজু হৈ আছে বুলিও দৃঢ়তাৰে মন্তব্য কৰে৷ ১৯৬২ চনৰ পৰা আজিলৈকে সংসদৰ মজিয়াত চৰকাৰে চীন সন্দর্ভত বিতং বিতর্কৰ বাবে সাজু হৈ আছে বুলি কয় গৃহমন্ত্রী শ্বাহে৷ সংকটৰ সময়ত শতিকা পুৰণি ৰাজনৈতিক দলটোৰ প্রাক্তন সভাপতিগৰাকীয়ে ভাৰতবিৰোধী মন্তব্য কৰাটো বেদনাদায়ক বুলি কয় গৃহমন্ত্রী শ্বাহে৷

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সর্বদলীয় বৈঠকৰ অন্তত চীনে এডোখৰ ভূমিও দখল কৰা নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছতে ৰাহুল গান্ধীয়ে চীনৰ ওচৰত প্রধানমন্ত্রী মোদীয়ে আত্মসমর্পণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷

You might also like