নিয়মীয়া বাৰ্তা, ২১ মে’: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ যাব, য’ত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ চীন-ভাৰত সীমান্ত অঞ্চলসমূহত নিয়োজিত নিৰাপত্তা বাহিনীৰ সৈতেও আলোচনা কৰিব।
গৃহমন্ত্ৰীয়ে এই সময়ছোৱাত নাগৰিক সমাজৰ সৈতেও বাৰ্তালাপ কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী হিচাপে শ্বাহৰ এইটো দ্বিতীয় অৰুণাচল প্ৰদেশ ভ্ৰমণ। তেওঁ ইয়াৰ পূৰ্বে ২০২০ চনৰ ফেব্ৰুৱাৰীত ৩৪ তম ৰাজ্যিক দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰিছিল।