নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতাভ বচ্চনসহ ঘৰৰ আন ৪ সদস্যৰ দেহত ক’ৰোনা সংক্ৰমণৰ কাৰণ আহিল পোহৰলৈ, এই কাৰণেই হ’ল সংক্ৰমণ…

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ যোৱা ১১ জুলাইত ক’ৰোনা পজিটিভ পোৱা গৈছিল । তাৰ পাছতে বিগ বি অমিতাভৰ আশু আৰোগ্যক লৈ বিভিন্ন জনে দেশৰ ভিন্ন স্থানত প্ৰাৰ্থনা কৰিছিল ।

ইপিনে ১২ জুলাইৰ দিনা পুনৰ ঐশ্বৰ্য ৰায় আৰু আৰাধ্যা বচ্চনৰ দেহতো ক’ৰোনাৰ অৱস্থিতি পোৱা গৈছিল ।

কিন্তু সকলোৰে মনত এটায়ে প্ৰশ্ন যে নিজেই ইমান সংতৰ্কতাৰে থকাৰ পাছতো অমিতাভ বচ্চনৰ দেহত আচলতে ক’ৰোনা আহিল ক’ৰ পৰা।

মিডিয়া ৰিপৰ্টৰ মতে, অমিতাভ আৰু পুত্ৰ অভিষেকৰ ক’ৰোনা সংক্ৰমণৰ ২ টা কাৰণ ধৰা হৈছে । উল্লেখ্য যে বিগ বি বাস কৰা অঞ্চলটোত বিগত দিনত ক’ৰোনাৰ গণসংক্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল । তেনে কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিয়ে তেওঁলোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ঘটিব পাৰে বুলি আশংকা কৰা হৈছে ।

আনহাতে দ্বিতীয় কাৰণটোত কোৱা হৈছে যে- অভিষেক বচ্চনৰ শেহতীয়াকৈ আহিবলগীয়া ‘ব্ৰীড ২’ নামৰ ৱেব চিৰিজৰ বাবে ষ্টুডিঅ’লৈ অহা যোৱা কৰা । বিগত কিছু দিনৰ পৰা অভিষেকে বৰ্ছোৱাস্থিতি এক ষ্টুডিঅ’লৈ ৰেকৰ্ডিংৰ বাবে গৈ আছিল । হয়টো সেই সময়তে কোনো ক’ৰোনা সংক্ৰিত লোকৰ সংস্পৰ্শলৈ আহি তেওঁৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ঘটে আৰু পাছত পৰিয়ালৰ সকলোৰে দেহলৈ এই ভাইৰাছ বিয়পি পৰে ।

অৱশ্যে বৰ্তমান বিগ বি অমিতাভ বচ্চনৰ স্বাস্থ্যৰ অৱস্থা উন্নত । তেওঁৰ বৰ্তমান আইছ’লেছন ৱাৰ্ডত ৰখা হৈছে ।

(উৎস- DailyHunt)

You might also like