তামিল ৰাজনীতিত ইডলী… আম্মা ইডলীক প্ৰত্যাহ্বান জনাব মোদী ইডলীয়ে
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ তামিলনাডুৰ ছালেমত বিক্ৰী হ’বলগীয়া মোদী ইডলীয়ে আম্মা ইডলীক জনাব প্ৰত্যাহ্বান। এই দাবী মোদী ইডলীৰ উদ্ভাৱক মহেশৰ। উল্লেখ্য, তামিলনাডু বিজেপিৰ সহঃ সভাপতি মহেশে অলপতে ১০ টকাত ৪টাকৈ মোদী ইডলী দিয়াৰ কথা ঘোষণা কৰিছিল।
কিন্তু তামিলনাডুত ইতিমধ্যে প্ৰচলিত এটকাত এটাকৈ পোৱা আম্মা ইডলীৰ জনপ্ৰিয়তাৰ লগত মোদী ইডলীয়ে ফেৰ মাৰিব নোৱাৰিব বুলি চলা চৰ্চাক লৈ মহেশে কয় যে আম্মা ইডলী পিডিএছ চাউল আৰু সস্তীয়া দাইলেৰে বনোৱা হয়। কিন্তু মোদী ইডলী নিৰ্মাণৰ বাবে তেওঁলোকে পুষ্টিকৰ চাউল-দাইলৰ লগতে মিনাৰেল ৱাটাৰ ব্যৱহাৰ কৰিব।
আনহাতে আম্মা ইডলী ১০০ বা ২০০ বনোৱা হয় প্ৰতিদিনে, কিন্তু মোদী ইডলী ৪০,০০০লৈ বনাব পৰা যাব। ইয়াৰ জৰিয়তে মোদী ইডলীৰ জনপ্ৰিয়তা বৃদ্ধি হব।
উল্লেখ্য, তামিলনাডুৰ প্ৰিয় খাদ্য ইডলী সস্তা দামত বিক্ৰী কৰাৰ জোৰদাৰ প্ৰস্তুতি চলাইছে তামিল বিজেপিয়ে। দলৰ তৰফৰ পৰা জনোৱা হৈছিল যে এনে কাৰ্যসূচী গ্ৰহণৰ মূল কাৰণ হ’ল জনসংযোগ। ছালেম চহৰৰ চাৰিওফালে ১০ টকাত ৪টা মোদী ইডলী পাব বুলি বিজ্ঞাপন অঁৰা হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পলানিস্বামীৰ জন্মস্থান ছালেম চহৰত মোদী ইডলীৰ বিক্ৰী আৰম্ভ হ’ব অহা সপ্তাহত।