নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৪ সতীর্থসহ দুর্ধর্ষ খালিস্তানী নেতা অমৃত পাল সিঙক গ্রেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:   অৱশেষত পঞ্জাব আৰক্ষীৰ ৰুদ্ধশ্বাস অভিযানত জালত পৰিল খালিস্তানীসকলৰ সর্বশেষ ‘প’ষ্টাৰ বয়’ অমৃত পাল সিং৷ পঞ্জাব আৰক্ষীৰ মাৰাথন অভিযানত আন ৩৪ সহযোগীৰ সৈতে ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বীজন ধৰা পৰে৷ লক্ষণীয়ভাৱে কালি খালিস্তানৰ সমর্থক সংগঠনটোৰ ৭৮জনকৈ সমর্থকক পঞ্জাব আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰে চাৰিজনক কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনা হৈছে ডিব্রুগড় কেন্দ্রীয় কাৰাগাৰলৈ৷ সমগ্র বিষয়টোক লৈ অসমতো চর্চা অব্যাহত থকাৰ মাজতে খালিস্তানক সমর্থন আগবঢ়োৱা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃত পাল সিঙকো ডিব্রুগড় কেন্দ্রীয় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কিন্তু অমৃত পাল সিঙক গ্রেপ্তাৰ কৰাৰ পাছতে ইতিমধ্যে উত্তপ্ত হৈ পৰা পঞ্জাব কার্যতঃ অগ্ণিগর্ভ হৈ পৰিছে৷ অকল পঞ্জাবেই নহয়, নতুন দিল্লীস্থ ব্রিটিছ উচ্চায়ুক্তৰ কার্যালয়ৰ সন্মুখতো একাংশ খালিস্তানী সমর্থকে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পঞ্জাব আৰক্ষীয়ে কালিৰ দিনটোতো অমৃত পাল সিঙক গ্রেপ্তাৰ কৰিবলৈ সকলোধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছিল৷ আনকি স্বঘোষিত খালিস্তানপন্থী নেতাগৰাকীৰ কনভয়ৰ পিছ লৈছিল আৰক্ষীৰ বিশাল বাহিনীয়ে৷ কিন্তু আৰক্ষীৰ চকুত ধূলি দি সহযোগীৰ মটৰচাইকেলত উঠি বিশাল বাহিনীৰ সন্মুখেৰে পলায়ন কৰিবলৈ সক্ষম হয় অমৃত পাল সিঙে৷ কালিৰে পৰা অমৃত পাল সিঙক গ্রেপ্তাৰৰ চেষ্টা চলায় পঞ্জাব আৰক্ষীয়ে৷ দুপৰীয়াৰ পৰা ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে৷

ইফালে, আৰক্ষী–প্রশাসনে ইণ্টাৰনেট বন্ধ কৰি দিয়াৰ উপৰি ৰাজনৈতিক দলবোৰে মানুহক শান্তি অক্ষত ৰখাৰ আহ্বান জনাইছে৷ এই ঘটনাত কালিৰ দিনটোলৈকে অমৃত পাল সিঙৰ সমর্থক তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ সদস্য ৭৮জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ অমৃত পালৰ কেইবাজনো সহযোগী আৰু ঘনিষ্ঠক আৰক্ষীয়ে জিম্মাত লৈ চলাই আছে জেৰা৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি অমৃত পাল সিঙৰ অর্থনৈতিক সহায়ক দলজিৎ সিং কালচিও গ্রেপ্তাৰ হৈছে৷

You might also like