নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ এল জে পিৰ শীর্ষ নেতা চিৰাগ পাছোৱানে বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি(ইউ)ৰ নেতা নীতিশ কুমাৰক বাৰে বাৰে সমালোচনা কৰি থকাৰ পিছত এইবাৰ জে ডি(ইউ)য়ে দলটোৰ বিৰুদ্ধে আক্রমণাত্মক মন্তব্য আগবঢ়াইছে৷
মোদীক প্রশংসা আৰু নীতিশক সমালোচনা কৰি এন ডি এক দুর্বল কৰিব পাৰে বুলি চিৰাগৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে জে ডি(ইউ)এ৷ দলটোৰ মতে বিজেপিয়ে এইক্ষেত্রত স্থিতি স্পষ্ট কৰা উচিত৷ চিৰাগ পাছোৱানে যিবোৰ মন্তব্য কৰি আহিছে, তাৰ দ্বাৰা এন ডি এৰ অভ্যন্তৰত সংকট সৃষ্টি হ’ব পাৰে বুলিও দলটোৱে উল্লেখ কৰিছে৷
লক্ষণীয়ভাৱে শেহতীয়াকৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলে নীতিশ কুমাৰৰ পক্ষত সমর্থন আগবঢ়োৱাৰ উপৰি নির্বাচনী প্রচাৰ সমাৱেশত মোদী আৰু কুমাৰে একেখন মঞ্চত অংশগ্রহণ কৰিব বুলি স্পষ্ট কৰি দিছে৷ লগে লগে চিৰাগৰ সৈতে বিজেপিৰ ব্যৱধান বৃদ্ধি পাইছে৷