নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: ক’ভিড–১৯ সংকটৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কালি এছ’পি জাৰি কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ দেশজুৰি জেইই আৰু পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চলি থকা বিতর্কৰ সময়তে পৰীক্ষা আয়োজন কৰাক লৈ ক’ভিড–১৯ প্রট’কলক প্রাধান্য দি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰিছে এছ’পি৷
এই এছ’পি অনুসৰি পৰীক্ষাগৃহত সকলো সময়তে, সকলো স্থানতে শিক্ষক–শিক্ষার্থী আৰু কর্মচাৰীয়ে অতি কমেও ৬ ফুট সামাজিক দূৰত্ব মানি চলিব লাগিব৷ ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ হাতখন লেতেৰা নহ’লেও অতি কমেও ৪০–৬০ ছেকেণ্ড চাবোনেৰে হাতখন ধুব লাগিব৷ অতি কমেও ২০ ছেকেণ্ড এলকহল সংযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব আৰু কোনো লোকে কাঁহ বা হাঁচিয়ালে ৰুমাল ব্যৱহাৰ কৰিব লাগিব৷ কোনো স্থানত থুঁ পেলোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷
তদুপৰি সকলোৱে ‘আৰোগ্য সেতু’ এপ ব্যৱহাৰ কৰিব লাগিব৷ সকলো বিশ্ববিদ্যালয়, শৈক্ষিক প্রতিষ্ঠান, পৰীক্ষা আয়োজন কৰা কর্তৃপক্ষ, পৰীক্ষাগৃহ আদিয়ে পৰীক্ষা পৰিকল্পনা কণ্টেইনমেণ্ট জ’নৰ বাহিৰত অনুষ্ঠিত কৰিব লাগিব৷ পৰীক্ষাগৃহত ক’ভিড–১৯ নির্দেশনা আৰু শৃংখলা বর্তাই ৰাখিবলৈ কর্তৃপক্ষই পর্যাপ্ত লোক মোতায়েন কৰিব লাগিব৷ শিক্ষার্থী–শিক্ষকক প্রৱেশ আৰু প্রস্থান কৰাৰ ক্ষেত্রত পর্যাপ্ত গেটৰ ব্যৱস্থা কৰিব লাগিব৷
যাতে সামাজিক দূৰত্ব বর্তাই ৰাখিব পৰা যায়৷ পৰীক্ষাগৃহত বেগ, ম’বাইল, গ্রন্থ আদিৰ অনুমতি দিয়া নহ’ব৷ যদি পৰীক্ষাগৃহত কোনো লোক অসুস্থ হৈ পৰে তেতিয়া হ’লে শীঘ্রেই তেনে লোকক আছুতীয়া স্থানলৈ স্থানান্তৰ কৰিব লাগিব৷ তদুপৰি পৰীক্ষাগৃহত বিশুদ্ধ খোৱাপানীকে ধৰি প্রয়োজনীয় সামগ্রী যোগান ধৰিব লাগিব৷