নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ দেশলৈ কেতিয়াকৈ উভতিবা, বৰ্ণবাদৰ সন্মুখীন হৈছিল অভিনেত্ৰী আন্দ্ৰেয়ায়ো

বিশেষ বাৰ্তা, ২৫ মেঃ উত্তৰ-পূবৰ পৰা শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে নাগালেণ্ডৰ ছুপাৰ মডেল আন্দ্ৰেয়া কেভিচুছাই। বলীউড আৰু হিন্দী ছবিজগতত এতিয়া আন্দ্ৰেয়াৰে চৰ্চা। অনুভৱ সিনহাৰ ‘আনেক’ত আয়ুষ্মান খুৰানাৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আন্দ্ৰেয়াই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত আন্দ্ৰেয়াই নিজৰ দেশতে বৰ্ণবাদৰ সন্মুখীন হোৱাৰ কথা মনত পেলায়। তেওঁ কয় যে- মোৰ বয়স চাগে ১৬ বছৰ আছিল, মনত আছে যে মই মেকআপ আৰ্টিষ্টজনক কৈছিলোঁ মোৰ নাগালেণ্ডলৈ বিমানৰ সময় হৈছে আৰু মই ঘৰলৈ যাবলৈ উদ্বাউল হৈ আছোঁ। কাৰণ মাক-দেউতাক বৰকৈ মিছ কৰোঁ। আৰু তেওঁ সঁহাৰিত কৈছিল- ‘অহ, কেতিয়ালৈ উভতি যাব দেশলৈ? মই অবাক হৈছিলোঁ, কাৰণ তেওঁ সঁচাকৈয়ে নাজানে নাগালেণ্ড ভাৰতৰে এটা অংশ যে।’ অহা ২৭ মে’ত চিনেমাখন মুক্তি পাব।

You might also like