নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ সোণালী যুগৰ সূচনা, চাহ বাগিচাত বিদ্যালয়ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৫ মেঃ আজি অসমৰ ইতিহাসত উল্লেখনীয় দিন। চাহ বাগিচাত প্ৰথমবাৰলৈ আদৰ্শ বিদ্যালয় নিৰ্মাণেৰে চাহ বাগিচাত শিক্ষাৰ সোণালী যুগৰ সূচনা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোণাজুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ মাটিৰ সৈতে সম্পৰ্ক থকা একো একোগৰাকী পুৰোধা ব্যক্তিৰ নামত উৎসৰ্গিত হ’ব নতুনকৈ উদ্বোধন হোৱা ৯৬খন আদৰ্শ বিদ্যালয়ৰ নাম। বৰ্তমান উচ্চ মাধ্যমিক শ্ৰেণীলৈ থকা প্ৰতিখন আদৰ্শ বিদ্যালয় অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে উন্নীতকৰণ কৰি পাঠদান আগবঢ়োৱা হ’ব। এই প্ৰতিখন আদৰ্শ বিদ্যালয়ত ৮গৰাকী শিক্ষক নিযুক্ত কৰাৰ লগতে প্ৰায় ১৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস আদি কৰি বহু বিশিষ্ট ব্যক্তি। ইয়াৰ পূৰ্বে শোণিতপুৰ জিলাৰ তেজপুৰ- ঘগৰা আৰু ৰূপাজুলি চাহ বাগিচাত দুখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

You might also like