নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিল আম্বানিক পাঁচ বছৰৰ বাবে নিষিদ্ধ ছেবিৰ

🔹 প্রতাৰণাৰ অভিযোগত ২৫ কোটি টকা জৰিমনা

নিউজ ডেস্ক, ২৪ আগষ্ট : এসময়ত বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি হিচাপে চিহ্ণিত হোৱা অনিল আম্বানি এই মুহূর্তত দেউলীয়া৷ এইবাৰ পুনৰ সংকটৰ সন্মুখীন হৈছে উদ্যোগপতি অনিল আম্বানি৷ প্রতাৰণাৰ অভিযোগত অনিল আম্বানিক পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া বা ‘ছেবি’য়ে৷ ইয়াৰ উপৰি ৰিলায়েঞ্চ হোম ফাইনেন্সৰ প্রাক্তন মুৰব্বী অনিল আম্বানিক ২৫ কোটি টকাৰ জৰিমনাও বিহা হৈছে৷ ছেবিৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰিলায়েঞ্চ হোম ফাইনেঞ্চৰ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়া, অনিল আম্বানি আৰু অন্য ২৪টা সংস্থাক চৰকাৰী নিয়ম নমনা বাবে নিষিদ্ধ কৰা হৈছে৷ লক্ষণীয়ভাৱে আম্বানিসহ এই সংস্থাসমূহৰ বিৰুদ্ধে প্রতাৰণাৰ অভিযোগ আনিছে ছেবিয়ে৷ আগন্তুক ৫ বছৰ ছেবিৰ সৈতে কোনোধৰণে জড়িত থাকিব নোৱাৰিব অনিল আম্বানি৷ তদুপৰি ছেবিৰ তালিকাভুক্ত কোনো ৰাজহুৱা কোম্পানীৰ পদত থাকিব নোৱাৰিব অনিল আম্বানি৷ স্মর্তব্য যে ২০২২ চনৰ ফেব্রুৱাৰীত অনিল আম্বানিসহ তিনিজনৰ বিৰুদ্ধে অবৈধভাৱে ৰিলায়েঞ্চ হোম ফাইনেঞ্চ সংস্থাৰ তহবিলৰ পৰা ধন উঠাই লোৱাৰ অভিযোগ উঠিছিল৷ ইয়াৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰা হয়৷ এই সন্দর্ভত চূড়ান্ত নির্দেশনা জাৰি কৰিলে ছেবিয়ে৷ কোনো সংস্থাৰ পদত থাকিব নোৱাৰিব মুকেশ আম্বানিৰ ভাতৃ অনিল আম্বানি৷

You might also like