নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৌৰিছে ‘চকদা এক্সপ্ৰেছ’ঃ অনুষ্কাৰ কঠোৰ অনুশীলন দেখি কি ক’লে ঝুলনে

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ যুটি আমাৰ সকলোৰে প্ৰিয়। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মায়ো এইবাৰ পিন্ধিব ভাৰতীয় টীমৰ জাৰ্ছী। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কৰ ৰূপত দেখা যাব অনুষ্কাক। অৱশ্য়ে সেয়া ছবিৰ পৰ্দাত। তাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত অনুষ্কা। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ঝুলন গোস্বামীৰ জীৱন আধাৰিত ছবি ‘চকদা এক্সপ্ৰেছ’ৰ বাবে দিন-ৰাতি একাকাৰ কৰি লাগি পৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী। হাত ঘূৰাই ব’ল দলিওৱাৰ পৰা বেট ধৰালৈ সকলো শিকিবলগীয়া হৈছে।বিশ্ব ক্ৰিকেটত ঝুলন গোস্বামী এটা অনন্য নাম।

দীঘলীয়া বিৰতিৰ পাছত পুনৰ ৰূপালী পৰ্দাত ওলাবলৈ সাজু হৈছে অনুষ্কা। ‘চকদা এক্সপ্ৰেছ’ৰ কথা ইনষ্টাগ্ৰামত নিজেই জনাইছে। লগে লগে তেওঁৰ অনুৰাগীসকলক আনন্দিত হোৱা দেখা গৈছে। অনুষ্কাৰ অনুশীলন দেখি ঝুলনে কি ক’লে? পোষ্টত ভালপোৱাৰ ইমোজীৰে ভৰাই পেলাইছে ঝুলনে। হাৰ্ট ইমোজীৰ পৰা হেপ্পী ইমোজীলৈ সকলো দিছে। ২০১৮ চনৰ পাছত অনুষ্কাই এইখন প্ৰথম ছবিত কাম কৰিবলৈ ওলাইছে।

You might also like