নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিলিটাৰ পূৰবী গাখীৰত ২ টকা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ গুৱাহাটীস্থিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে (ৱাএএমইউএল) আজিৰে পৰা কার্যকৰী হোৱাকৈ পূৰবীৰ দুগ্ধজাত গাখীৰৰ পাউছৰ সর্বাধিক খুচুৰা মূল্যত সামান্য সংশোধনৰ কথা ঘোষণা কৰিছে৷ সমগ্র অসমৰ বজাৰত পূৰবীৰ সকলো গাখীৰ প্রকাৰৰ এমআৰপি প্রতি লিটাৰত ২ টকাকৈ (প্রতি ৫০০ মিলি পাউছত ১ টকা) সংশোধন কৰিবলৈ বাধ্য হৈছে৷ এম আৰ পিৰ এই সামান্য সংশোধনে দুগ্ধ সমবায়ক মূল্যৱান গ্রাহকসকলক উন্নত মানদণ্ডৰ গাখীৰ প্রদান অব্যাহত ৰখাত সহায় কৰাৰ লগতে ৰাজ্যখনত দুগ্ধ খেতিয়ক আৰু গাখীৰ যোগান শৃংখলাক সমর্থন কৰাতো সহায়ক হ’ব৷

You might also like