আজি ড০ এ পি জে আব্দুল কালামৰ জয়ন্তী, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ আজি ভাৰতৰ ১১সংখ্যক ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰা ড০ কালাম ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানীও আছিল।
আব্দুল কালামৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন ৰাজনীতিকৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহেও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। টুইটযোগে প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় বিকাশৰ বাবে তেখেতৰ অসামান্য যোগদানক কেতিয়াও পাহৰিব নোৱাৰি। তেখেতৰ জীৱন লাখ লাখ লোকৰ অনুপ্ৰেৰণাৰ উৎস।
Tributes to Dr. Kalam on his Jayanti. India can never forget his indelible contribution towards national development, be it as a scientist and as the President of India. His life journey gives strength to millions. pic.twitter.com/5Evv2NVax9
— Narendra Modi (@narendramodi) October 15, 2020
উল্লেখ্য ভাৰতৰ এক প্ৰসিদ্ধ ব্যক্তিত্ব ড০ কালামৰ মৃত্যু হৈছিল ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙত।