নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ উত্তৰ প্রদেশৰ ৰায় বেৰেলীৰ এক অতিথিশালাত আজি আম আদমী পার্টী (আপ)ৰ বিধায়ক সোমনাথ ভাৰতীৰ দেহলৈ হিন্দু যুৱ বাহিনীৰ কর্মীয়ে চিয়াঁহী দলিওৱা ঘটনাক লৈ সৃষ্টি হয় চাঞ্চল্য৷ ইয়াৰ কিছুসময় পিছতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ আৰু ৰাজ্যখনৰ হাস্পতালসমূহক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে আৰক্ষীয়ে ভাৰতীক গ্রেপ্তাৰ কৰে৷ লক্ষণীয়ভাৱে ৰায় বেৰেলী আৰু আমেথিত চৰকাৰী বিদ্যালয়সমূহ পৰিদর্শনৰ বাবে উপস্থিত হৈছিল ভাৰতী৷ কিন্তু উত্তৰ প্রদেশৰ হাস্পতালসমূহক লৈ যোৱা সপ্তাহত বিতর্কিত মন্তব্য আগবঢ়োৱা বাবেই অতিথিশালাতে আহি হিন্দু যুৱ বাহিনীৰ কর্মীয়ে ভাৰতীলৈ চিয়াঁহী দলিয়ায়৷
তাৎক্ষণিকভাৱে আৰক্ষীয়ে আহি ভাৰতীক গ্রেপ্তাৰ কৰে৷ ইফালে, আমেথিৰ জগদ্বীশপুৰ আৰক্ষী থানাতো ভাৰতীৰ বিৰুদ্ধে বিভিন্ন অভিযোগত গোচৰ ৰুজু হৈছে৷ আৰক্ষীয়ে ভাৰতীক বিয়লিৰ ভাগত স্থানীয় আদালত এখনত হাজিৰ কৰাইছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ আদালতে কোনো ধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷ জগদ্বীশপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজেশ কুমাৰে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷