ফাইজাৰ–বায়’এনটেকৰ ভেকচিনত অনুমোদন ইউৰোপৰ
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ আমেৰিকান কোম্পানী ফাইজাৰ আৰু জার্মান দৰব প্রস্তুত সংস্থা বায়’এনটেকে প্রস্তুত কৰি উলিওৱা ক’ভিড–১৯ ভেকচিনত অনুমোদন জনাইছে ইউৰোপীয় সংঘই৷ ইউৰোপীয় সংঘৰ সদস্য ২৭খন দেশত আগন্তুক বৰদিনৰ পিছৰে পৰা ক’ভিড ভেকচিন প্রদান কৰা হ’ব৷ ক’ভিড–১৯ৰ গণ টিকাকৰণ ইউৰোপীয় দেশসমূহে আৰম্ভ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে সংস্থাটোৱে৷ আগন্তুক ২৭ ডিচেম্বৰত জার্মানী, ফ্রান্স, অষ্ট্রিয়া আৰু ইটালীয়ে এই ভেকচিনৰ টিকাকৰণ আৰম্ভ কৰিব৷