নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা থেৰাপীত অনুমোদন ট্রাম্প চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ ক’ভিড–১৯ আক্রান্ত ৰোগীৰ শুশ্রূষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ট্রাম্প চৰকাৰে জৰুৰীকালীনভাৱে প্লাজমা থেৰাপীত অনুমোদন জনালে৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশ মর্মে ফুড এণ্ড ড্রাগ্ছ এডমিনিষ্ট্রেচনে ক’ভিড–১৯ সুস্থ ৰোগীৰ পৰা প্লাজমা সংগ্রহ কৰি এই ভাইৰাছত আক্রান্ত লোকক শুশ্রূষাত অনুমতি দিয়ে৷

উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশত প্লাজমা থেৰাপীৰে ক’ভিড–১৯ ৰোগীক শুশ্রূষা কৰি থকা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রতো এনে ৰোগীক শুশ্রূষাৰ বাবে প্লাজমা থেৰাপী ব্যৱহাৰ কৰা হৈছিল যদিও আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হোৱা নাছিল৷

ক’ভিড–১৯ক লৈ ৰাষ্ট্রপতি ট্রাম্পৰ পদক্ষেপক দেশখনৰ বিভিন্ন পক্ষই সমালোচনা কৰি আহিছে৷ ইতিমধ্যে ১.৭৬ লাখতকৈ অধিক লোকৰ প্রাণহানি হৈছে৷

You might also like