নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ এপ্রিলৰ পাছত এদিনতে চীনত সর্বাধিক ৬১জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাত উদ্বিগ্ণ হৈ পৰিছে চৰকাৰ৷ তথ্য মতে, দেশখনৰ তিনিটা অঞ্চলত বিগত কেইবাদিন ধৰি নতুনকৈ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ আজিৰ দিনটোত ঝিনজিয়াং অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত ৬১জন লোক আক্রান্ত হৈছে৷ এই আক্রান্তসকলৰ ভিতৰত অধিকাংশই স্থানীয়ভাৱে আক্রান্ত লোক৷ লক্ষণীয় যে চীনৰ চহৰসমূহত প্রায়ভাগ লোকৰে ক’ভিড–১৯ পৰীক্ষণ প্রক্রিয়া চৰকাৰখনে আৰম্ভ কৰিছে৷ ঝিনজিয়াঙতো এনে পৰীক্ষণৰ সময়ত ৫৭জন লোক পজিটিভ হয়৷ এই আটাইখিনিয়েই স্থানীয়ভাৱে সংক্রমিত৷ অৱশ্যে আজি আক্রান্ত হোৱা চাৰিজন বহিঃদেশৰ পৰা অহা ব্যক্তিও আছে৷ যোৱা ১৪ এপ্রিলত ৮৯জন লোক আক্রান্ত হোৱাৰ পিছত আজি সর্বাধিক এদিনত ৬১জন লোক আক্রান্ত হোৱাত দেশখনত পুনৰ ক’ৰোনাৰ ভয়াৱহ ৰূপ পোহৰলৈ আহিছে৷