নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাৰ বিবাহৰ ফটো শ্বেয়াৰ কৰি আশীষ বিচাৰিলে এ আৰ ৰহমানে

বিশেষ বাৰ্তা, ৭ মেঃ বিবাহত বহিল জনপ্ৰিয় কণ্ঠশিল্পী এ আৰ ৰহমানৰ জীয়ৰী খাতিজাই। অডিঅ’ ইঞ্জিনীয়াৰ ৰিয়াছদীন মহামদৰ সৈতে খাতিজাৰ বিবাহৰ ফটো ইনষ্টাগ্ৰামত অনুৰাগীৰ বাবে পোষ্ট কৰিলে খোদ শিল্পীগৰাকীয়ে। সংগীতৰ মায়াজালেৰে সমগ্ৰ দেশবাসীক বান্ধি ৰখা এ আৰ ৰহমানে সকলোৰে শুভাশীষ আৰু মৰম বিচাৰিলে। লগতে সকলোকে আগতীয়াকৈ ধন্যবাদো জনায়। বিবাহ অনুষ্ঠানৰ পাছত পৰিয়ালৰ সদস্যৰ ফটোখনৰ পাছফালে এ আৰ ৰহমানৰ প্ৰয়াত মাতৃৰ ছবি এখনো দেখা যায়। দেউতাকৰ দৰে খাতিজাও সুৰকাৰ-গীতিকাৰ। মিমি ছবিখনৰ ৰ’ক এ বাই বেবী… গীতটো তেঁৱে গোৱা।

You might also like