নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা অর্জুন ৰামপালৰ মুম্বাইস্থিত বাসগৃহত অভিযান এনচিবিৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ বলীউডত ড্রাগছৰ পয়োভৰ সন্দর্ভত তদন্ত চলাই থকা নার্ক’টিক্স কণ্ড্রোল ব্যুৰ’ (এন চি বি)এ  অভিনেতা অর্জুন ৰামপালৰ মুম্বাইস্থিত বাসভৱনত অভিযান চলায়৷ বিগত মাহত অর্জুন ৰামপালৰ ভ্রাতৃৰ প্রেমিকাক এন চি বিয়ে ড্রাগছৰ গোচৰত গ্রেপ্তাৰ কৰাৰ পিছত আজি পুৱা অভিনেতাজনৰ মুম্বাইৰ বান্দ্রা, খাৰ আৰু আন্ধেৰীত থকা বাসভৱনত তালাচী চলায়৷ তালাচীৰ সময়ত অর্জুন ৰামপালৰ ড্রাইভাৰ এজনক এন চি বিয়ে আটক কৰে আৰু এন চি বিৰ কার্যালয়লৈ নিয়ে৷

কার্যালয়ত মাণ্ডলিক সঞ্চালক সমীৰ ৱানখেৰে আৰু তেওঁৰ দলে ড্রাইভাৰজনক ড্রাগছ সম্পর্কীয় বিভিন্ন তথ্যক লৈ সোধা–পোছা কৰে৷ উল্লেখ্য যে অর্জুন ৰামপালৰ বাসগৃহত এন চি বিয়ে তালাচী চলোৱাৰ পূর্বে কালি বলীউডৰ প্রখ্যাত চলচ্চিত্র নির্মাতা ফিৰোজ নাদিয়াদৱালাৰ বাসগৃহত অভিযান চলায়৷ এন চি বিয়ে চলোৱা এই অভিযানৰ সময়ত চলচ্চিত্র নির্মাতা নাদিয়াদৱালাৰ বাসগৃহৰ পৰা কিছু ড্রাগছ জব্দ কৰে৷ নাদিয়াদৱালাৰ পত্নী শ্বাৱনা ছয়ীদক এন চি বিয়ে কার্যালয়লৈ নি তাতেই শ্বাৱনাৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰে৷ স্বীকাৰোক্তিৰ পিছতেই শ্বাৱনাক এন চি বিয়ে গ্রেপ্তাৰ কৰে৷

এন চি বিৰ সন্মুখত শ্বাৱনাই স্বীকাৰ কৰা মতে তেওঁৰ ইতিপূর্বে গ্রেপ্তাৰ কৰা কেইবাগৰাকীও ড্রাগছ সৰবৰাহকাৰীৰ সৈতে সম্পর্ক আছিল৷ এন চি বিয়ে অভিযান চলোৱাৰ সময়ত নির্মাতা নাদিয়াদৱালা বাসগৃহত উপস্থিত নাছিল৷ গতিকে তেওঁক চমন জাৰি কৰে সংস্থাটোৱে৷  নাদিয়াদৱালা এন চি বিৰ কার্যালয়ত হাজিৰ হয় আৰু এন চি বিৰ বিষয়াই সোধা–পোছা কৰে৷ উল্লেখ্য যে কিছুদিন সন্ধানহীন হৈ থকা অভিনেত্রী দীপিকা পাডুকনৰ প্রাক্তন মেনেজাৰ কৰিশ্মা প্রকাশ  সোধা–পোছাৰ বাবে এন চি বিৰ কার্যালয়ত হাজিৰ হয়৷

ইতিপূর্বে দুবাৰকৈ তদন্তকাৰী সংস্থাটোৰ সন্মুখত হাজিৰ হোৱা কৰিশ্মা প্রকাশৰ বাসগৃহত কিছু পৰিমাণৰ ড্রাগছ জব্দ কৰিছিল৷ গুৰুত্বপূর্ণ যে প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চলাওঁতেই বলীউডৰ নামী–দামী অভিনেতা–ভিনেত্রী ড্রাগছ সেৱন কৰাৰ লগতে ড্রাগছৰ সৈতে জড়িত হৈ থকাৰ তথ্য এন চি বিয়ে লাভ কৰে৷ ইয়াৰ পিছতেই বলীউডত ড্রাগছৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে অনুসন্ধান ক্ষিপ্রতৰ কৰি তোলে এন চি বিয়ে৷

You might also like