আর্মেনিয়া–আজেৰবাইজান সেনাৰ পুনৰ গোলাবর্ষণ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ বিবদমান নাগার্নো–কাৰাবাখ অঞ্চলক কেন্দ্র কৰি পূর্বৰ ছোভিয়েট সদস্য ৰাষ্ট্র আর্মেনিয়া আৰু আজেৰবাইজানৰ মাজত চলি থকা যুদ্ধই ক্রমাৎ দীর্ঘস্থায়ী ৰূপ লাভ কৰিছে৷
শেহতীয়াকৈ মানৱীয়তাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি দুয়োখন দেশে যুদ্ধবিৰতি পালন কৰাৰ সিদ্ধান্ত লৈছিল যদিও এই যুদ্ধবিৰতি উলংঘা কৰি উভয় দেশে পুনৰ গোলাবর্ষণ চলাইছে৷
দেশ দুখনে যুদ্ধবিৰতিত সহমত পোষণ কৰাৰ মাত্র চাৰি মিনিট পিছতে আজেৰবাইজানে যুদ্ধবিৰতি উলংঘা কৰি আর্মেনিয়াৰ বিৰুদ্ধে ৰকেট আক্রমণ আৰম্ভ কৰে৷ কিন্তু আর্মেনিয়াৰ এই অভিযোগ অগ্রাহ্য কৰি আজেৰবাইজানে আর্মেনিয়াৰ তৰফৰ পৰাহে যুদ্ধবিৰতি উলংঘা কৰা বুলি প্রতি অভিযোগ তুলিছে৷