নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দ্বিতীয় জোৱাৰ, ফ্রান্সৰ ৯খন মহানগৰত ক’ভিড প্রতিৰোধী সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ইউৰোপীয় দেশ ফ্রান্সত ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয়টো জোৱাৰ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ চৰকাৰে কঠোৰ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিছে৷ কালি ৯খন মহানগৰত প্রশাসনে জাৰি কৰে সান্ধ্য আইন৷

ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ এই ৯খন মহানগৰত সান্ধ্য আইন জাৰি কৰাৰ পিছতে জনশূন্য হৈ পৰে চহৰবোৰৰ ৰাজপথ৷ স্মর্তব্য যে ইউৰোপৰ ক’ৰোনা ভাইৰাছৰ অন্যতম হটস্পট হিচাপে ফ্রান্সক চিহ্ণিত কৰা হৈছে৷

ইফালে, চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ পিছতে ৰাজধানী পেৰিছ তথা অন্য কেইবাখনো মহানগৰৰ ব্যৱসায়ীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ ৰেষ্টুৰেণ্টৰ গৰাকী তথা অন্যান্য বাণিজ্যিক প্রতিষ্ঠানৰ কর্মী তথা বিষয়ববীয়াসকলে চৰকাৰৰ এই নীতিক কঠোৰ সমালোচনা কৰিছে৷ কাৰণ পূর্বৰে পৰা লকডাউনত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ব্যৱসায়ীসকল৷

You might also like