নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিদিনীয়া ভ্রমণসূচীৰে নেপালত সেনা মুৰব্বী নাৰাৱানে

দ্বিপাক্ষিক সম্পর্ক উন্নত কৰিবলৈ চলাব আলোচনা

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ভাৰতীয় স্থলসেনাৰ মুৰব্বী জেনেৰেল এমএম নাৰাৱানে বুধবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে নেপালত উপস্থিত হৈছে৷ নেপালৰ সেনা মুৰব্বী জেনেৰেল পূর্ণচন্দ্র থাপাৰ আমন্ত্রণক্রমে আজি পত্নী বীণা নাৰাৱানেৰ সৈতে ভাৰতীয় সেনাৰ মুৰব্বীগৰাকীয়ে দুপৰীয়াৰ ভাগত কাঠমাণ্ডুত ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰে৷ উল্লেখনীয় যে কাঠমাণ্ডুত নাৰাৱানেক আদৰণি জনায় দেশখনৰ সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল প্রভুৰামে৷ নেপালী সেনাৰ এক বিবৃতি অনুসৰি দুয়োখন দেশৰ সেনা মুৰব্বীয়ে সামৰিক ক্ষেত্রত দ্বিপাক্ষিক বিষয়টো সন্দর্ভত আলোচনা কৰিব৷ ইফালে দেশখনৰ ৰাষ্ট্রপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে নাৰাৱানেক প্রদান কৰিব নেপালী সেনাৰ জেনেৰেল পদৰ সন্মান৷

You might also like