নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনা জোৱানক নগ্ন কৰি প্রহাৰ আৰক্ষীৰ, ৪জনক নিলম্বন

নিউজ ডেস্ক, ১৩ আগষ্ট : সেনাৰ এজন জোৱানক থানালৈ আনি উলংগ কৰি পাশৱিকভাৱে আতিশয্য চলোৱাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে৷ এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে উত্তপ্ত হৈছে ৰাজস্থান৷ জয়পুৰৰ শিপ্রা থানাত এই ঘটনা সংঘটিত হৈছে৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে থানালৈ গৈ এগৰাকী বিষয়াসহ আৰক্ষীক তীব্র ভর্ৎসনা কৰে ৰাজস্থানৰ মন্ত্রী ৰাজ্যবর্ধন সিং ৰাথোড়ে৷ ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অভিযোগত এগৰাকী উপ–পৰিদর্শকসহ চাৰিগৰাকী আৰক্ষী কর্মীক নিলম্বন কৰা হৈছে৷ চাঞ্চল্যকৰ এই ঘটনা সন্দর্ভত তদন্ত চলাই থকা হৈছে৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, আৰক্ষীৰ দ্বাৰা নির্যাতিত সেনা জোৱানজনৰ নাম অৰবিন্দ সিং৷ যোৱা ১১ আগষ্টত অৰবিন্দই এজন বন্ধুৰ সৈতে এটা অনুষ্ঠানত যোগ দিছিল৷ এটা ৱাইন ক্লাবত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত অৰবিন্দক আটক কৰে আৰক্ষীয়ে৷

You might also like