নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Army Truck Accident: উত্তৰ ছিকিমত সেনাৰ ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; শ্বহীদ ১৬ জন জোৱান

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: উত্তৰ ছিকিমত সেনাবাহিনীৰ ট্ৰাক দুৰ্ঘটনাৰ সন্মুখীন হৈছে। এই দুৰ্ঘটনাত ১৬ জন জোৱান শ্বহীদ হৈছে। এই দুৰ্ঘটনাত চাৰিজন জোৱান আহত হৈছে। ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, ২০২২ চনৰ ২৩ ডিচেম্বৰত উত্তৰ ছিকিমৰ জেমাত সেনাৰ এখন ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰিছিল। এই মৰ্মান্তিক পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ ১৬ জন জোৱানে প্ৰাণ হেৰুৱাইছে।

সেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন পুৱা চতনৰ পৰা থাংগু অভিমুখে গতি কৰা তিনিখন বাহনৰ কনভয়ৰ অংশ আছিল। জেমালৈ যোৱাৰ পথত বাহনখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু আহত চাৰিজন জোৱানক বিমানেৰে লৈ যোৱা হয়।

দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটযোগে কয়, “উত্তৰ ছিকিমত সংঘটিত পথ দুৰ্ঘটনাৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধা জনাইছোঁ । তেওঁলোকৰ সেৱা আৰু দায়বদ্ধতাৰ বাবে আজি সমগ্ৰ দেশ গভীৰভাৱে কৃতজ্ঞ। শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।”

You might also like