বিশেষ বাৰ্তা, ১৪ জুলাই : জামিন পালেও কাৰামুক্তি হোৱা নাই অৰবিন্দ কেজৰিৱালৰ৷ ইফালে, তিহাৰ জে’লৰ ভিতৰত বন্দী জীৱন কটাই প্রায় প্রতিদিনেই শৰীৰৰ ওজন হেৰুৱাইছে তেওঁ৷ এখন সংবাদ মেলত আপৰ সাংসদ সঞ্জয় সিঙে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীৰ দিনকদিনে ঘটা শাৰীৰিক অৱনতিক লৈ উদ্বেগ প্রকাশ কৰিছে৷ তেওঁ কয় যে গ্রেপ্তাৰৰ সময়ত কেজৰিৱালৰ ওজন আছিল ৭০ কিলোগ্রাম৷ এতিয়া সেই ওজন হ্রাস পাই হৈছেগৈ ৬১.৫ কিলোগ্রাম৷ তেওঁৰ মতে, কেজৰিৱালৰ ওজন যিটো হাৰত হ্রাস পাই গৈ আছে, সেইটো মুঠেও স্বাভাৱিক নহয়৷ অথচ তেওঁৰ শাৰীৰিক পৰীক্ষাও হোৱা নাই৷– এই অভিযোগ সাংসদ সঞ্জয় সিঙৰ৷ সাংসদ সিঙে লগতে অভিযোগ কৰি কয় যে ওজন হ্রাস পোৱাৰ সমান্তৰালকৈ এতিয়ালৈকে কেজৰিৱালৰ পাঁচবাৰ তেজত শর্কৰা হ্রাস পাইছে৷ তেওঁৰ শর্কৰাৰ পৰিমাণ ৫০ৰ তললৈকে নামি গৈছে৷ ইয়ে যিকোনো সময়তে কেজৰিৱালৰ বাবে বিপদ মাতি আনিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে৷