নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ পঞ্জাৱৰ পাটিয়ালা চহৰত লকডাউনৰ সময়ত চলি থকা কাৰ্ফিউৰ সময়তে নিহংগ গোটৰ সদস্য়ই পঞ্জাৱ আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক হৰজিৎ সিঙৰ এখন হাত কাটি শৰীৰৰ পৰা পৃথক কৰিছিল । অৱশ্যে গুৰুত্বৰভাৱে অসুস্থ আৰক্ষী বিষয়াজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত তেওঁৰ হাতটো পুনৰ সংযুক্ত কৰা হৈয় । আনহাতে এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰাৰ পাছতে ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল ।
আজি এই সাহসী আৰক্ষী বিষয়াজনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় । পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান দিনকৰ গোপ্তাই(Dinkar Gupta) টুইটযোগে এই কথা সদৰী কৰে । লগতে তেওঁ হৰজিৎ সিঙৰ পুত্ৰক পঞ্জাৱ আৰক্ষীৰ কনিষ্টবলৰ চাকৰিত নিযুক্তি দিয়া হৈছে বুলিও জনায়।
ডিজিপি দিনকৰ গোপ্তাই টুইটাৰ যোগে লিখে- “SI হৰজিৎ সিঙৰ পুত্ৰ অৰ্শপ্ৰীত সিঙক পঞ্জাৱ আৰক্ষীৰ কনিষ্টবল নিযুক্তি দিয়া হৈছে । মোৰ বিশ্বাস যে তেওঁ নিজৰ পিতৃৰ দৰে নিষ্ঠা আৰু সাহসেৰে পঞ্জাৱৰ জনসাধাৰণৰ হকে সেৱা আগবঢ়াব । তেওঁলৈ শুভকামনা ।”
Felt greatly pleased handing over the appointment letter of SI Harjeet Singh’s son, Arshpreet Singh, as a constable in the Punjab Police.
Am sure he will serve the people of Punjab as bravely & sincerely as his father.
Wish him all the very best! pic.twitter.com/nlE7Vmnn8m
— DGP Punjab Police (@DGPPunjabPolice) April 30, 2020