🔹 ঝাৰখণ্ডত শোকাৱহ ঘটনা
বিশেষ বাৰ্তা, ২৯ ফেব্রুৱাৰী : ঝাৰখণ্ডত এটা শোকাৱহ ৰে’ল দুর্ঘটনাত অতি কমেও ১২জন লোকৰ প্রাণহানি হোৱাৰ লগতে কেইবাজনো আহত হৈছে৷ ৰাজ্যখনৰ জামতাৰাৰ কালঝাৰিয়া ৰে’ল ষ্টেচনত কালি সন্ধিয়া সংঘটিত হৈছে এটা দুর্ভাগ্যজনক ৰে’ল দুর্ঘটনা৷ ৰে’ল বিভাগৰ তথ্য অনুসৰি, জামতাৰাৰ কালঝাৰিয়া ৰে’ল ষ্টেচনত কালি সন্ধিয়া ভাগলপুৰগামী অংগা এক্সপ্রেছৰ দবাত জুই লগা বুলি এজন লোকে ৰে’লপথত জঁপিয়াই পৰাৰ পিছত ততালিকে ৰে’লখন ৰখোৱা হয়৷ ৰে’লখনৰ পৰা যাত্রীসকলে জঁপিয়াই নামি থাকোঁতেই বিপৰীত দিশৰ পৰা অহা দ্রুতগতিৰ স্থানীয় ৰে’ল এখনে ৰে’লপথত থকা যাত্রীসকলক মহটিয়াই লৈ যায়৷ ঝাঝা–আচানচোল ৰে’লখনে যাত্রীসকলক মহটিয়াই লৈ যোৱাত অতিকমেও ১২জন লোকৰ মৃত্যু ঘটে৷ ৰে’লে মহটিয়াই নিয়াৰ ফলত কেইবাজনো লোক আহত হৈছে৷ তথ্য মতে, মৃতকৰ সংখ্যা বৃদ্ধি পাব৷ দুর্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় প্রশাসন, আৰক্ষী আৰু ৰে’ল বিভাগৰ লোকৰ লগতে চিকিৎসকৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে৷ মৃত দুজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে যদিও বাকীকেইজনক চিনাক্ত কৰিব পৰা হোৱা নাই৷ ৰে’লপথত পৰি থকা আধাৰ কার্ডৰ আধাৰত মৃতক এজনক মনীষ কুমাৰ আৰু আনজনক ছিকন্দৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে৷ এই দুর্ঘটনাৰ পিছত ৰে’ল ষ্টেচনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷