কিয় দেশৰ সুৰক্ষা–যোগাযোগ ব্যৱস্থাৰ বাবে যুগান্তকাৰী অটল টানেল?
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ হিমালয়ৰ বুকুত বিশ্বৰ সবাতোকৈ দীঘল সুৰংগ ঘাইপথ ‘অটল টানেল’ কালি মুকলি কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মানালি–লাহোৱাল স্পিটি উপত্যকা সংযোগী ৯.০২ কিলোমিটাৰ দৈর্ঘ্যৰ অটল সুৰংগটো দেশৰ সুৰক্ষা–যোগাযোগ ব্যৱস্থাৰ বাবে যুগান্তকাৰী।
প্রায় ৩৩০০ কোটি ব্যয়সাপেক্ষ সাগৰপৃষ্ঠৰ পৰাৰ ১০ হাজাৰ ফুট উচ্চতাত ৰোহটাঙত নির্মিত অটল সুৰংগটোৰ দৈর্ঘ্য ৯.০২ কিলোমিটাৰ, প্রস্থ ১০ মিটাৰ৷ ঘোঁৰাৰ নালৰ আকৃতিৰ সুৰংগটো দুই লেনযুক্ত৷ প্রতিদিনে এই সুৰংগটোৰে ৩ হাজাৰ লঘু বাহন আৰু ডেৰ হাজাৰ ট্রাক চলাচল কৰিব পাৰিব৷
সুৰংগটোৰ ভিতৰত গাড়ীৰ গতিবেগ প্রতি ঘণ্টাত সর্বোচ্চ ৮০ কিলোমিটাৰ৷ মানালিৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ দক্ষিণ প’র্টেলত ৩০৬০ মিটাৰ দ্রাঘিমাংশত আৰু লাহোৱাল উপত্যকাৰ ছিচু তেলিংগাঁৱৰ সমীপত দক্ষিণ প’র্টেলটোত ৩০৭১ মিটাৰ দ্রাঘিমাত অৱস্থিত অটল সুৰংগটো৷ আল্ট্রা মডার্ন বিশেষত্বৰে নির্মিত সুৰংগটোত উজ্জ্বল পোহৰ সংস্পৃক্ত বিদ্যুৎ সংযোগ আছে৷
সুৰংগটোৰ প্রতি ২৫০ মিটাৰত ঘটনা চিনাক্ত কৰিব পৰা স্বয়ংক্রিয় পদ্ধতিসহ চিচি টিভি কেমেৰা, প্রতি ৫০০ মিটাৰত জৰুৰীকালীন প্রস্থানৰ ব্যৱস্থা আছে৷ প্রতি ডেৰশ মিটাৰৰ অন্তৰে অন্তৰে জৰুৰীকালীন সংযোগৰ বাবে টেলিফোন সংযোগৰ ব্যৱস্থা আছে৷
প্রতি ৬০ মিটাৰৰ অন্তৰে অন্তৰে অগ্ণিনির্বাপক ব্যৱস্থা আছে৷ সুৰংগটো নির্মাণৰ বাবে ১৪,৫০৮ মেট্রিকটন তীখা, ২,৩৭,৫৯৬ মেট্রিকটন চিমেণ্ট ব্যৱহাৰ হৈছে৷ নতুন অষ্ট্রিয়ান সুৰংগ নির্মিত কৌশলেৰে এই অটল সুৰংগটো নির্মাণ কৰা হৈছে৷
উল্লেখ্য যে ২০০০ চনৰ ৩ জুনত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কার্যকালত ৰোহটাং গিৰিপথৰ তলত কৌশলগত সুৰংগটো নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত ২০০২ চনৰ ২৬ মে’ত দক্ষিণ প’র্টেলত আধাৰশিলা স্থাপন কৰা হৈছিল৷
ৰোহটাং সুৰংগ হিচাপে প্রাৰম্ভিক পর্যায়ত নামকৰণ হৈছিল যদিও ২০১৯ চনত কেন্দ্রীয় কেবিনেটে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ অৱদানক সন্মান জনাই ৰোহটাং সুৰংগৰ পৰিৱর্তে অটল সুৰংগ হিচাপে নামকৰণ কৰা হয়৷ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনৰ (বি আৰ অ’) তত্ত্বাৱধানত এই অটল সুৰংগ নির্মাণ সম্পূর্ণ কৰা হয়৷