নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়াই ভাৰতৰ পৰা কিয় বিচাৰিছে বিষাক্ত Bromadiolone …

নিয়মীয়া বাৰ্তা ৩১ মেঃ  হঠাত বাঢ়িছে অষ্ট্ৰেলিয়াত নিগণিৰ প্ৰাৰ্দুভাৱ। নিগনিৰ বৃদ্ধিয়ে বেমাৰৰ লগতে খেতি পথাৰ নষ্টও কৰিছে দেশখনত। যাৰ বাবে অষ্ট্ৰেলিয়া চৰকাৰে নিগনি মৰাৰ ঔষধ ভাৰতৰ পৰা আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশখনৰ প্ৰশাসনে এনেধৰণৰ নিগনিৰ প্ৰাৰ্দুভাৱক সম্পূৰ্ণ অভূতপূৰ্ব  বুলি অভিহিত কৰিছে।

অষ্ট্ৰেলিয়াৰ আটাইতকৈ জনবহুল ৰাজ্য নিউ চাউথ ৱেলছৰ চৰকাৰে এতিয়া ভাৰতৰ পৰা 5,000 লিটাৰ ব্ৰোমাডিঅ’লোন আমদানি কৰাৰ সিদ্ধান্ত লৈছে।

নিউ চাউথ ৱেলছৰ গ্ৰাম্য আৰু আঞ্চলিক অংশৰ কৃষকসকলে কয় যে কেৱল তেওঁলোকৰ শস্যই নহয়, তেওঁলোকৰ ঘৰবোৰো নিগণিৰ পৰা হোৱা ৰোগৰ সংক্ৰমণৰ দ্বাৰা বিপদাপন্ন হৈছে।

স্থানীয় লোকসকলে কয় যে প্ৰতি নিশা তেওঁলোকে তেওঁলোকৰ ঘৰ মজিয়া আৰু চিলিংত হাজাৰ হাজাৰ নিগনি মাত শুনা পায়। তেওঁলোকৰ শস্যবোৰ অনিষ্ট হোৱাৰ আশংকাত , কিছুমান কৃষকে নিগনিবোৰক বিষ প্ৰদান কৰি আছে আনহাতে আন কিছুমানে নিগনিবোৰ বাল্টিত ডুবাই মাৰিছে।
চলিত বৰ্ষৰ মাৰ্চ মাহতে অষ্ট্ৰেলিয়াৰ হাস্পতাল আৰু হোটেল সমূহত নিগিণিৰ সংখ্যাৰ বৃদ্ধিৰ লগতে বহুতো ৰোগৰো আৱিৰ্ভাৱ হৈছে। গতিকে দেশখনৰ চৰকাৰে যিকোনো প্ৰকাৰে নিগনি সমূহ নাইকিয়া কৰিবলৈ যুদ্ধ গতিৰে প্ৰস্তুতি চলাইছে।

You might also like