অযোধ্যাত বাবৰৰ নামত বনোৱা নহ’ব মছজিদ, চুন্নী ৱাকফ বোৰ্ডৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ বাবৰৰ নামত মজছিদ বনোৱা নহ’ব অযোধ্য়াত। অকল মছজিদেই নহয় হাস্পতালৰ নামো নহ’ব বাবৰৰ নামত। এই কথা ব্যক্ত কৰিছে চুন্নী ৱাকফ বোৰ্ডৰ সচিব তথা মুখপাত্ৰ অতহৰ হুছেইনে।
উচ্চতম ন্যায়ালয়ে বাবৰি মছজিদ-ৰাম মন্দিৰ গোচৰৰ ৰায়দানত অযোধ্যাৰ ৰৌনাহিত চুন্নী ৱাকফ চেণ্ট্ৰেল বোৰ্ডক ৫ একৰ ভূমি দান কৰিছল। এই ভূমিত হাস্পতাল বা মছজিদ বনোৱাক লৈ বিগত দিনত বিভিন্ন বাতৰি ওলাই আছিল।
আজি এই সন্দৰ্ভত মত ব্যক্ত কৰি হুছেইনে কয় যে মাটি টুকুৰাত নিৰ্মাণ হ’বলগীয়া কোনো বিষয়ক লৈ এতিয়াও সিদ্ধান্ত কৰা হোৱা নাই। কিন্তু মাটি টুকুৰাত বাবৰৰ নামত কোনো মছজিদ বনোৱা নহয়। অকল মছজিদেই নহয় কোনো হাস্পতালো বাবৰৰ নামত বনোৱা নহ’ব বুলি জনায় তেওঁ।
জয় শ্ৰী ৰাম, ধ্বনি নিদিয়াৰ বাবে প্ৰহৃত অটো চালক
তেওঁ কয় যে নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে ন্যাস গঠনকে ধৰি বহুখিনি কাম বাকী আছে। নিৰ্মাণ কৰিবলগীয়া মছজিদত ইণ্ডে-ইছলামিক কালচাৰেল চেণ্টাৰ, পুথিভড়ালৰ লগতে বহুখিনি বস্তুৰ সুবিধা ৰখা হ’ব, কিন্তু প্ৰচাৰ হোৱাৰ দৰে মছজিদৰ নাম বাবৰ কেতিয়াও ৰখা নহ’ব।
উল্লেখ্য, অযোধ্যাত বাবৰৰ নামত মছজিদ নিৰ্মাণ হোৱাক লৈ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছিল আৰু আজি ৱাকফ বোৰ্ডৰ সচিবগৰাকীয়ে এই সন্দৰ্ভত স্পষ্ট মত ব্যক্ত কৰে।