নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময় এতিয়া ক’ৰোনাৰ… চিগাৰেট এৰিবলৈ পালন কৰক এই অভ্যাস

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ চিগাৰেট সেৱনে দেহৰ অনিষ্ট কৰাৰ বিষয়ে সকলো জ্ঞাত। কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্ৰমণকালীন সময়ত এই বিষয়টো অতি সংবেদনশীল হৈ পৰিছে। কিয়নো চিগাৰেট সেৱনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা অংগ হৈছে হাঁওফাঁও আৰু ক’ৰোনা ভাইৰাছে আক্ৰমণ কৰে এই হাঁওফাঁওতে। গতিকে চিগাৰেট এৰাৰ বাবে কৰক এই অভ্যাস–

১। চিগাৰেট সেৱনৰ পৰা বিৰত থাকি ব্যৱহাৰ কৰক গুৱা-মৰি বা চফ। চিগাৰেট হুঁপাৰ ইচ্ছা গ’লে চবাওক দুই-চাৰিটা গুৱা-মৰি বা চফ।

২। চিগাৰেট সেৱনৰ ইচ্ছা গ’লেই সৰু এডোখৰ শুকান আডা খাওক।

৩। ষষ্টি মধুৰ সৰু সৰু চকলাও খাব পাৰে চিগাৰেট সেৱনৰ ইচ্ছা গ’লে।

ইয়াৰ উপৰি প্ৰতিদিনে ঘৰত অভ্যাস কৰক–

১। প্ৰতিদিনে কুহুমীয়া পানীত মিহলোৱা নেমুৰস দুগিলাচ পান কৰক।

২। পুৱা আৰু গধুলি ২টাৰ পৰা ৩টাকৈ তুলসীৰ পাত খাওক।

৩। পুৱা আৰু নিশা এচামুচকৈ মৌ খোৱাৰ অভ্যাস কৰক।

ওপৰত উল্লেখ কৰা এই ঔষধি গুণযুক্ত সামগ্ৰীবোৰৰ আছে নিকোটিন প্ৰতিহত কৰিব পৰা গুণ, যাৰ ব্যৱহাৰেৰে ক’ৰোনাকালীন এই সময়ত নিজকে সুস্থ কৰি ৰাখিব পৰা যায়।

You might also like